ৰাজ্যত দুই কোটিৰ বিদেশী চিগাৰেট জব্দ: ক’ত? Foreign cigarettes worth Rs 2 crore seized in State. Where?

0
1333
সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে দুটা পৃথক অভিযান চলাই বিদেশী চিগাৰেট আৰু নিচাজাতীয় টেবলেটসহ ছজন ব্যৱসায়ীক আটক কৰে৷ কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৰ জিৰিবাম এলেকাৰ চিংগাৰবন্দৰ পৰা বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰ চোৰাংচোৱা বিভাগৰ দ্বিতীয় অধিনায়ক জ্জিমিৰ নেতৃত্বত ১৩৪নং বেটেলিয়নে ১৫ নৱেম্বৰত অভিযান চলাই এ এছ-০১-এল চি-১৮২১ নম্বৰৰ মহেন্দ্ৰ পিকআপ ভানৰ পৰা ৪৩ কাৰ্টন (১,০০০ পেকেটৰ) আৰু এক কাৰ্টন (৯০০ পেকেটৰ) গ’ল্ড ফ্লেগ চিগাৰেট জব্দ কৰে৷ লগতে আটক কৰে চাৰিটা বেপাৰীক৷ চিগাৰেটসমূহ তুৰ্কীত নিৰ্মিত৷ যাৰ বজাৰমূল্য এক কোটি বাসত্তৰ লাখ সাতাইশ হাজাৰ টকা৷ আটক কৰা ব্যৱসায়ীসকল হ’ল কাছাৰ জিলাৰ লক্ষীপুৰ এলেকাৰ ফিৰোজ খান আৰু আৰচাদ হোছেন, ছট্টিশগড় ৰাজ্যৰ ৰায়পুৰৰ বিবেক কাশ্যপ আৰু সুৰেশ কুমাৰ৷ বৰ্তমান চাৰিওজনকে লক্ষীপুৰ থানাত জেৰা কৰি থকা হৈছে৷ 

ইপিনে কৰিমগঞ্জ চহৰ সংলগ্ন টোলগে’টৰ পৰা দহ হাজাৰ নিচাজাতীয় ইয়াবা টেবলেট জব্দ কৰে৷ পঞ্চাশ লাখ টকাৰ নিচাজাতীয় টেবলেটসহ দুটা সৰবৰাহকাৰীকো আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে৷ চোৰাংচোৱা বিভাগৰ খবৰৰ ভিত্তিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত টোলগে’টৰ পৰা নিচাজাতীয় ইয়াবা টেবলেটসহ সৰবৰাহকাৰী দুটাক আটক কৰা হয়৷ এখন মটৰচাইকেলেৰে বদৰপুৰৰ পৰা কৰিমগঞ্জ চহৰ অভিমুখে আহি থকা অৱস্থাত বি এছ এফৰ লোকে টোলগে’টত আগভেটি ধৰি তালাচী চলাই টেবলেটখিনি উদ্ধাৰ কৰে৷ সৰবৰাহকাৰী দুটা কৰিমগঞ্জ ভিতৰগোলৰ জমজম হোছেইন আৰু আফতাৰ হোছেইন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here