ৰাজ্যত ডাবল মিউটেণ্ট কভিড আক্ৰান্ত ৰোগী

0
1689

অসমৰ ডিব্ৰুগড় এয়াৰপ’ৰ্টত ডাবল মিউটেণ্ট আক্ৰান্ত এজন ৰোগী ধৰা পৰিছে৷

কৰ’না মহামাৰীয়ে ৰাজ্য ছানি ধৰি থকাৰ সময়তে আন এক উদ্বেগজনক খবৰে ৰাজ্যবাসীক অধিক সন্ত্ৰস্ত কৰি তুলিছে৷ আজি অসমৰ ডিব্ৰুগড় এয়াৰপ’ৰ্টত ডাবল মিউটেণ্ট আক্ৰান্ত এজন ৰোগী ধৰা পৰিছে৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ জনোৱা মতে, এই ডাবল মিউটেণ্ট কভিড ভাইৰাছবিধ অতিকে মাৰাত্মক আৰু ই সহজে বিস্তৃতি লাভ কৰে৷ মহাৰাষ্ট্ৰত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধ অসম আহি পোৱাৰ খবৰে স্বাভাৱিকতে‌ই সংকিত কৰি তুলিছে ৰাজ্যবাসীক। উল্লেখ্য যে এই B1617 নামৰ কৰ’না ভাইৰাছৰ নতুন ৰূপটো ভাৰততেই ধৰা পৰিছে আৰু ই অতি মাৰাত্মক৷ সেয়ে সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে৷ অন্যথা অনাগত দিনত ৰাজ্যবাসীয়ে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব বুলিও তেওঁ মত পোষণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here