ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ ভয়ানক প্ৰতিচ্ছবি || Dangerous reflection of population boom in Assam

0
364
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জনসংখ্যা৷ অসমত যি গতিত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেয়া ৰাজ্যখনৰ বাবে হৈছে এক অশনি সংকেত৷ লোকপিয়লৰ মতে, যোৱা ২০১১ চনত ৰাজ্যখনৰ মুঠ জনসংখ্যা আছিল ৩ কোটি ১২ লাখ৷ কিন্তু বৰ্তমান এই জনসংখ্যা ৩ কোটি ৫০ লাখলৈ বৃদ্ধি পাইছে৷কেন্দ্ৰীয় চৰকাৰৰ এক তথ্য অনুসৰি ২০২২ বৰ্ষত ৰাজ্যখনৰ মুঠ জনসংখ্যা ৩ কোটি ৫৫ লাখলৈ বৃদ্ধি পোৱাৰ অনুমান কৰা হৈছে৷ যদিহে এই গতিত ৰাজ্যখনত জনসংখ্যা বৃদ্ধি পাই থাকে তেনেহ’লে ৰাজ্যখন অচিৰেই  ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব৷ বৰপেটা জিলাত ২০১১ চনত জনসংখ্যা আছিল ১৬ লাখ ৯৩ হাজাৰ; কিন্তু এতিয়া এই জনসংখ্যা ১৮ লাখ ৭৪ হাজাৰলৈ বৃদ্ধি পাইছে৷ একেদৰে ২০১১ চনত ধুবুৰী জিলাত জনসংখ্যা আছিল ১৯ লাখ ৪৯ হাজাৰ ৷ ইয়াৰ পৰা জনসংখ্যা হ’বগৈ ২২ লাখ ৩৮ হাজাৰ৷  ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কিদৰে যোৱা এটা দশকত অসমৰ জনসংখ্যা বৃদ্ধি পাইছে৷ ইফালে ৰাজ্য চৰকাৰখনে ৰাজ্যত কঠোৰ জনসংখ্যা আইন বলৱৎ কৰা হ’ব বুলি প্ৰকাশ কৰি আহিছে যদিও এতিয়ালৈকে এই আইন বলৱৎ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই৷ সেয়েহে এতিয়াই এই ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here