Home Daily news ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ পদক্ষেপ

ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ পদক্ষেপ

গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লকৰ আন্তঃগাঁথনি উন্নয়ন সাধনৰ বাবে অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডৰ মাজত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন চুক্তি স্বাক্ষৰ হয়৷ অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানীয়ে এই চুক্তিত স্বাক্ষৰ কৰে৷ চুক্তি সম্পাদনৰ পাছতে মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন৷ অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ চিকিৎসা শিক্ষাৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিলে৷ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ দিশত ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰে পদক্ষেপ ল’বলৈ আগবাঢ়িছে বুলিও তেওঁ কয়৷ ম
ুখ্যমন্ত্ৰীয়ে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডে সামাজিক দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়েþ৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ব্লকৰ লগতে স্নাতক শ্ৰেণী আৰু ইণ্টাৰ্ন হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডে কোম্পানীৰ সামাজিক দায়বদ্ধতা পুঁজি হিচাপে ১৫০ কোটি টকাৰ অৱদান আগবঢ়াইছে৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ কাম আগুৱাই নিয়াৰ পদক্ষেপ হিচাপে অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ্‌ প্ৰাইভেট লিমিটেডৰ মাজত এই বুজাবুজিৰ চুক্তি ৰূপায়ণ কৰা হৈছে৷ এই সহযোগিতাই চিকিৎসা মহাবিদ্যালয়খন স্থাপন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিব বুলি তেওঁ কয়৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...