ৰাজ্যত কৰ’না সংক্ৰমণৰ সংখ্যা কমিছে

0
1070

ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই৷ চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবে ৰাজ্যত শেহতীয়াকৈ সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ ৰাজ্যত উদ্বেগজনক হৈয়ে আছে৷ তদুপৰি সংখ্যাগতভাৱেও আক্ৰান্তৰ সংখ্যা যথেষ্ট অধিক হৈয়ে আছে৷ উল্লেখ্য যে ৰাজ্যত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ ৫৪ সহস্ৰাধিক লোক চিকিৎসাধীন হৈ আছে৷ আনহাতে যোৱা ১০ দিনত ৰাজ্যত মুঠ ৫৫,৫০০জনতকৈ অধিক লোক আক্ৰান্ত হৈছে৷ ইয়াৰে সৰ্বাধিক লোক কামৰূপ মহানগৰ জিলাৰ৷ সম্প্ৰতি ৰাজ্যৰ প্ৰতিখন জিলাতে কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ অব্যাহত ৰাখিছে৷ অৱশ্যে যোৱা ২২ মে’ৰ দিনা ৰাজ্যত সংক্ৰমণৰ হাৰ ৫.৫৭ শতাংশলৈ হ্ৰাস পায়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ ৫.৬৮ শতাংশ হয়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত আৰোগ্যৰ হাৰ ৮৪.৮৭ শতাংশ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ ৭২জন লোকৰ মৃত্যু ঘটে৷ এই সময়ছোৱাত ৰাজ্যত নতুনকৈ ৩,৫৬৩জন লোক আক্ৰান্ত হয়৷ ইফালে ৰাজ্যৰ কভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক এসপ্তাহ ৰাজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব৷ সঠিকভাৱে কভিড বিধি মানি চলিলে এই সপ্তাহটোত ৰাজ্যত কভিড পৰিস্থিতি উন্নত হোৱাৰ আশাও তেওঁ প্ৰকাশ কৰে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ সৰ্বাধিক সংক্ৰমণ হোৱা কামৰূপ মহানগৰ জিলাত এতিয়াও দৈনিক ৯ শতাধিক লোক কৰ’নাত আক্ৰান্ত হৈ আছে৷ গুৱাহাটীৰ অলিয়ে-গলিয়ে এতিয়াও বহু কৰ’নাত আক্ৰান্ত লোক লুকাই থকা বাবেই জিলাখনত সংক্ৰমণ হ্ৰাস পোৱা নাই বুলি সদৰী কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্যই৷ তেওঁ কয় যে অলিয়ে-গলিয়ে কৰ’নাৰ লক্ষণ থকা বহু লোক আছে যদিও তেওঁলোকে পৰীক্ষা কৰা নাই৷ এই লোকসকলৰ বাবে জিলাখনত ভয়াৱহ পৰিস্থিতি অব্যাহত আছে বুলি তেখেতে খেদ প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here