ৰাজ্যত কৰ’নাৰ সংক্ৰমণ উদ্বেগজনক

0
1449


ৰাজ্যত কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ হঠাতে ৰাজ্যত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত এতিয়া স্বাস্থ্য বিভাগে পুনৰ অস্থায়ী কভিড চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত কৰ’নাৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যাই ৫ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ ৰাজ্যৰ কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাই জিলাই আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে৷ মাস্ক পৰিধানকে ধৰি কভিড প্ৰট’কল নমনা লোকৰ বিৰুদ্ধে এই অভিযান তীব্ৰতৰ কৰি তোলা হৈছে৷ কামৰূপ মহানগৰ জিলাত এই অভিযান প্ৰশাসনে গঠন কৰি দিয়া দুটা টাস্ক ফ’ৰ্চে চলাইছে৷ ইফালে কৰ’নাৰ অত্যধিক সংক্ৰমণৰ বাবে যোৱা ১৯ এপ্ৰিলত ৰাজ্য চৰকাৰে তিনিখন জিলাত সকলো মঞ্চ বিহুৰ অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰিছে৷ আনহাতে ক্ৰমবৰ্ধমান কভিড ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লেও যাতে চিকিৎসাৰপৰা কোনো বঞ্চিত নহয়, তাৰ বাবে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অস্থায়ী কভিড চিকিৎসা কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ হৈছে৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত পুনৰ এক অস্থায়ী কভিড চিকিৎসা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে৷ এই কেন্দ্ৰত ৪০০খন বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ১৩৬৭জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ ইয়াৰে ৪৮২জনেই কামৰূপ মহানগৰ জিলাৰ৷ যোৱা ১৯ এপ্ৰিলত স্বাস্থ্য বিভাগে ৰাজ্যখনত ৬৫,৪১০ টা নমুনা পৰীক্ষা কৰিছিল৷ আক্ৰান্তৰ পজিটিভিটিৰ হাৰ হ’ল ২.০৯ শতাংশ৷ যোৱা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত ১০৯, কামৰূপ গ্ৰাম্যত ১০৬, শোণিতপুৰত ৬৭, যোৰহাটত ৬৮, শিৱসাগৰত ২৯, গোলাঘাটত ৩২, শুৱালকুছিত ১০, নলবাৰীত ২১, ওদালগুৰিত ১৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷
ভাৰতত ২৪ ঘণ্টাত ২.৭৩ লাখ লোকৰ সংক্ৰমণ : ভাৰতত কভিডৰ দ্বিতীয়টো ঢৌ অপ্ৰতিৰোধ্য গতিত অব্যাহত আছে৷ একেৰাহে পঞ্চম দিনৰ বাবে যোৱা ১৮ এপ্ৰিলত দেশখনত ২ লাখৰো অধিক লোকৰ কভিড-১৯ৰ সংক্ৰমণ হয়৷ যোৱা ১৯ এপ্ৰিলৰ পুৱা স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ ২ লাখ ৭৩ হাজাৰ ৮১০জন লোকৰ সংক্ৰমণ হয় আৰু ১,৬১৯জন লোকৰ মৃত্যু হয়৷ এনে দুয়োটাই নতুন অভিলেখ৷ দেশখনত এইপৰ্যন্ত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ১.৫ কোটি হৈছেগৈ আৰু এই পৰ্যন্ত ১.৭৮ লাখ লোকৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত আটাইতকৈ বেছি সংক্ৰমণ হয় মহাৰাষ্ট্ৰ, দিল্লী আৰু কৰ্ণাটকত৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৮,৬৩১জনৰ সংক্ৰমণ হয়৷ দিল্লীত ২৫,৪৬২জন আৰু কৰ্ণাটকত ১৯,০৬৭জন লোকৰ নতুনকৈ সংক্ৰমণ হয়৷ দেশখনত যোৱা ১৮ এপ্ৰিললৈকে সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ১৯ লাখ ২৯ হাজাৰ ৩২৯৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here