ৰাজ্যত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়

0
1483

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ (মহানগৰ) জিলাত৷

অসমত কৰ’নাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাক লৈ  উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ এনে পৰিস্থিতিত দেশৰ আন প্ৰান্তৰ দৰেই যাতে অসমৰ পৰিস্থিতি শোচনীয় হৈ নপৰে, তাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লভ আগৰৱালাই অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত কভিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা ব্যক্ত কৰি কয় যে  সময় থাকোঁতেই উক্ত ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ কৰা উচিত৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় নীতি-নিৰ্দেশ দিয়া হৈছে বুলিও উল্লেখ কৰে আগৰৱালাই৷ আনহাতে কৰ’নাত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা যাতে হ্ৰাস কৰিব পাৰি তাৰ বাবেও বিশেষ পদক্ষেপ ল’বলৈ কোৱা হৈছে বুলি মত ব্যক্ত কৰি যুটীয়া সচিব আগৰৱালাই লগতে কয় যে অসমৰ লগতে আন কেইবাখনো ৰাজ্যত  এতিয়াও পৰিস্থিতি সুস্থিৰ হৈ আছে৷ সেয়েহে পৰিস্থিতিৰ যাতে অৱনতি নঘটে, সেই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত৷ উল্লেখ্য যে অসমত কৰ’নাৰ সংক্ৰমণৰ হাৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌত অসমত এতিয়ালৈকে সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে৷ আনহাতে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ (মহানগৰ) জিলাত৷ ইফালে ৰাজ্যখনত দৈনিক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যাও বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত অসমত বৃদ্ধি পোৱা সংক্ৰমণৰ হাৰক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈ পৰাটো বিশেষ লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here