ৰাজ্যত কৰ’নাৰ ভয়ংকৰ ৰূপ

0
2216
ৰাজ্যত কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ আনহাতে কামৰূপ মহানগৰ জিলাৰ পাছত সম্প্ৰতি এখনৰ পাছত এখন জিলালৈ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ ৰাজ্যত সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যাই ২৪ হাজাৰ অতিক্ৰম কৰিছে৷ আনহাতে কেৱল কামৰূপ মহানগৰ জিলাতে কৰ’নাৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১০ হাজাৰ অতিক্ৰম কৰিছে৷যোৱা দহটা দিনত কামৰূপ মহানগৰ জিলাৰ পাছতে ডিব্ৰুগড়, কামৰূপ গ্ৰাম্য আৰু নগাঁও জিলাত আক্ৰান্তৰ সংখ্যাই ১০০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ আনহাতে ৰাজ্যত ক্ৰমাৎ পজিটিভিটি ৰেট বৃদ্ধি হৈ ৫.৪৯ শতাংশ হৈছে৷ আনহাতে যোৱা ২৯ এপ্ৰিলত ৰাজ্যত মুঠ ৩০৭৯জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ ইয়াৰে ১০২৯জনেই কামৰূপ মহানগৰ জিলাৰ৷ ইপিনে ক্ৰমাৎ ৰাজ্যত কৰ’নাক্ৰান্তৰ মৃত্যুৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে৷ এইপৰ্যন্ত ৰাজ্যত ২৩,১০৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে। কৰ’নাৰ প্ৰথম আৰু দ্বিতীয়টো ঢৌত অসমত এই পৰ্যন্ত মুঠ ১২৮১ জন লোক মৃত্যু মুখত পৰিছে। বোকাজানত পুনৰ কৰ’নাত ভুলিজা বেগম (৩৬) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়৷ বকোৰ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ মৰাকলহীৰ এজন যুৱক কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ বগৰীগুৰি মৰাকলহীৰ যুৱকজন ফজলুল ৰহমান (৩২) বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰ নিকটৱৰ্টী সোণাপুৰ জিলা চিকিৎসালয়ত এগৰাকী মহিলাৰ আকস্মিক মৃত্যু হয়৷ উল্লেখ্য যে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকীক এণ্টিজেন টেষ্ট কৰোঁতে শৰীৰত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰে৷ মৃত মহিলাগৰাকী নলবাৰীৰ নমিতা তালুকদাৰ (৫২) বুলি জানিব পৰা গৈছে৷ তিনিচুকীয়াত ২৪ ঘণ্টাত চাৰিজন কৰ’না ৰোগীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ ইয়াৰে দুগৰাকী তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আৰু দুগৰাকী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয়৷ আনহাতে দৰং জিলাৰ দুজন কভিড আক্ৰান্তৰ মৃত্যু হয়৷ লোক দুজনৰ নাম কনক চন্দ্ৰ শৰ্মা (৯৭) আৰু বীৰেন ঘোষ (৬৩)৷ ডিব্ৰুগড়ত ২৪ ঘণ্টাত ১৯৯গৰাকী কভিড পজিটিভ ৰোগী চিনাক্ত কৰা হয়৷ সৰ্বমুঠ ৪৮৫০টা চেম্পল পৰীক্ষা কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here