ৰাজ্যত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা নিতৌ বৃদ্ধি

0
851


ৰাজ্যত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে৷ শেহতীয়াকৈ প্ৰতিদিনেই ৰাজ্যখনত দৈনিক তিনি সহস্ৰাধিক লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে৷ উদ্বেগজনকভাৱে প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও৷ যোৱা পাঁচ দিনতে ৰাজ্যখনত মৃত্যু ঘটিছে ১০৭জন লোকৰ৷ যোৱা ২৬ এপ্ৰিলৰ দিনা ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ ১৫জন লোকৰ মৃত্যু হোৱাৰ পাছত ২৭ এপ্ৰিলত ১৮জনৰ, ২৮ এপ্ৰিলত ২২জনৰ, ২৯ এপ্ৰিলত ২৬ জনৰ, ৩০ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে কিদৰে ৰাজ্যখনত নিতৌ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ আনহাতে যোৱা চাৰি দিন কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যায়ো দৈনিক তিনি হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ যোৱা ২৫ এপ্ৰিলত ৰাজ্যখনত কৰ’নাত ১৮৪৪জন লোক আক্ৰান্ত হৈছিল যদিও ২৬ এপ্ৰিলত ৩১৩৭, ২৭ এপ্ৰিলত ৩১৩২, ২৮ এপ্ৰিলত ৩০৪৫, ২৯ এপ্ৰিলত ৩০৭৯, ৩০ এপ্ৰিলত ৩১৯৭জন লোক আক্ৰান্ত হয়৷ ইয়াৰে সমগ্ৰ ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ (মহানগৰ) জিলাত৷ পাঁচ দিনতে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ৫৪৯২জন৷ কামৰূপ (মহানগৰ) জিলাৰ পাছতেই ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ডিব্ৰুগড় জিলাত৷ জিলাখনত এই সময়ছোৱাত ১৭২২জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কামৰূপ (গ্ৰাম্য) জিলাত ১৬৯৯, নগাঁৱত ১০৬৯জন লোক আক্ৰান্ত হৈছে৷ আনহাতে সংক্ৰমণৰ হাৰ যোৱা ২৭ এপ্ৰিলত ৫.০০ শতাংশ আৰু ২৮ এপ্ৰিলত ৫.৪৯ শতাংশ আছিল যদিও ২৯ এপ্ৰিলত এই হাৰ কিছু হ্ৰাস পাই ৪.৫৮ হৈছে৷ ১ মে’লৈকে ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ২৫,৩১২৩লৈ বৃদ্ধি পালে৷ ইয়াৰ ভিতৰত ১৩০৭জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷
আনহাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, নলবাৰীৰ প্ৰাক্তন উপায়ুক্ত তথা দলগাঁও নিবাসী মাহতাবুদ্দিন আহমেদ (৬৮)ৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত মৃত্যু হয়৷ সেইদৰে জিলাখনৰ পাতিদৰং গাঁও নিবাসী, গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক নিৰঞ্জন শৰ্মা (৪৮)ক দেওমৰনৈ সামূহিক চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়াৰ পথত মৃত্যু হয়৷ ইফালে দৰং জিলাত দিনটোত নতুনকৈ ৮৫জন লোকৰ শৰীৰত ধৰা পৰে কভিড-১৯ৰ অৱস্থিতি৷ কভিড-১৯ত আক্ৰান্ত হৈ আজি নগাঁৱত এগৰাকী মহিলাসহ দুগৰাকী ব্যক্তিৰ মৃত্যু হয়৷ যোৱা ৩০ এপ্ৰিলত নগাঁও চহৰৰ বেংগলীপট্টিৰ নিবাসী অঞ্জলি নন্দী নামৰ ৭০ বছৰীয়া মহিলাগৰাকীৰ লগতে নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মী জিতেন বাছফৰ নামৰ ৪৫ বছৰীয়া ব্যক্তিগৰাকীয়ে একেখন চিকিৎসালয়তে কভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়৷ মৰিগাঁও জিলাত আজিপৰ্যন্ত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৩২লৈ বৃদ্ধি হয়৷ বিহালীত ৩১জনলৈ কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পালে৷ ধুবুৰী জিলাত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩০০১ ঘৰ অতিক্ৰম কৰে৷ চিৰাং জিলাত আজিৰ দিনটোত নতুনকৈ ১৮জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে৷ ইয়াক লৈ জিলাখনত আক্ৰান্তৰ সংখ্যা ২২৩লৈ বৃদ্ধি পালে৷ আনহাতে যোৰহাট জিলাত এদিনতে কৰ’নাত চাৰিজনৰ মৃত্যু হয়৷ জানিব পৰা মতে, যোৰহাট কে বি ৰ’ডৰ শিবু দাস (৬৫), ৫ এয়াৰ হাস্পাতালৰ ৰীতা হেমেল (৫২), জেইল ৰ’ডৰ নিতু বৰফুকন (৪৭) আৰু কাকজান বালিচাপৰিৰ পৰমা দত্ত (৫০) নামৰ লোককেইজনৰ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here