ৰাজ্যত কৰ’নাত আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি

0
1737


উদ্বেগজনকভাৱে ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ৰাজ্যৰ ভিতৰতে সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত৷ যোৱা পাঁচ দিনত গুৱাহাটীতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬১২৷ যোৱা ১১ এপ্ৰিলত গুৱাহাটীত সৰ্বাধিক ১৮৬ লোক আক্ৰান্ত হৈছে৷ মন কৰিবলগীয়া যে কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত দেওবাৰে নতুনকৈ ৩৫২ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ উপৰি মৃত্যু হৈছে এজন লোকৰ৷ ইয়াকে ধৰি ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৯০২লৈ ৷ ইফালে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেল, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতেলৰ উপৰি গুৱাহাটীৰ সমীপৰ সোণাপুৰ জিলা চিকিৎসালয় আৰু কালাপাহাৰত থকা কভিড চিকিৎসালয়তো আক্ৰান্তসকলক ভৰ্তি কৰাইছে৷ লখিমপুৰত একেদিনাই ৭ জন আক্ৰান্ত হোৱা ঘটনাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি নগাঁও জিলাত নতুনকৈ ২৯ গৰাকী ব্যক্তিৰ শৰীৰত কভিড-১৯-ৰ অৱস্থিতি ধৰা পৰাত জিলাখনত সৰ্বমুঠ ৯৭গৰাকী লোক আক্ৰান্ত হয়৷ আজি আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী ব্যক্তিক চিকিৎসালয়ত চিকিৎসাধীন কৰাৰ বিপৰীতে ২৫ গৰাকী আক্ৰান্তক নিজ গৃহত আইছ’লেশ্যনত ৰখা হৈছে৷ আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত তিনিগৰাকী লোকৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰিছে৷ যোৱা ১ মাৰ্চৰ পৰা ১১ এপ্ৰিল পৰ্যন্ত জিলাখনত ১০২গৰাকী লোকৰ পৰা স্বাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে৷ এইসকল লোকৰ ভিতৰত খেৰণি অঞ্চলৰ তিনিগৰাকী লোকৰ দেহত কভিড পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে৷ শালবাৰীৰ নিমুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুগৰাকী লোকক কভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে৷ কোকৰাঝাৰ চহৰৰ ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ টে’ট শিক্ষয়িত্ৰী এগৰাকীৰ দেহত কৰ’না পজিটিভ চিনাক্ত হোৱাক লৈ বিদ্যালয়খনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ কোকৰাঝাৰ জিলাখনত ৪১৩জন লোকৰ কভিড পৰীক্ষা কৰাৰ পাছত ৩জন লোকৰ দেহত কৰ’না ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জনায়৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে যোৰহাটতো দৈনিক বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণ৷ যোৱা ১১ এপ্ৰিলত জিলাখনত ২২গৰাকী লোক কভিডত আক্ৰান্ত হৈছে৷ প্ৰশাসনৰ সূত্ৰে জনোৱা মতে, আক্ৰান্তসকলৰ ভিতৰত ১৮জন আৰ এ টি পৰীক্ষাত আৰু ৪ জন আৰ টি পি চি আৰ পৰীক্ষাত কভিড পজিটিভ হিচাপে ধৰা পৰিছে৷ ইয়াৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰ এ টি পৰীক্ষাত ১০জনৰ কভিডত আক্ৰান্ত হোৱাটো ধৰা পৰে৷ লক্ষণীয় যে জিলাখনত কভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও জনসাধাৰণৰ সজাগতা বৃদ্ধি হোৱা নাই৷ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ পাছতো জনসাধাৰণে মাস্কৰ ব্যৱহাৰ তথা সামাজিক দূৰত্ব মনা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here