ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি

0
740

গুৱাহাটীৰ মুখ্য চৰকাৰী চিকিৎসালয় জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰ কভিড হস্পিটেলত আই চি ইউৰ বিছনাৰ অভাৱ আৰম্ভ হোৱা কথা জানিব পৰা গৈছে৷

ৰাজ্যত কৰ’নাৰ সংক্ৰমণে উদ্বেগজনকভাৱে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত মাত্ৰ যোৱা তিনিটা দিনত সংক্ৰমণৰ হাৰ ৫-১০ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে কৰ’নাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যায়ো দৈনিক ৩০১ ঘৰ স্পৰ্শ কৰিছে৷ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইনৰ পৰা আৰম্ভ কৰি বিভিন্ন এছ অ’ পি জাৰি কৰিছে যদিও ৰাজ্যত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই৷ ইফালে ৰাজ্যৰ সৰ্বাধিক লোক আক্ৰান্ত হোৱা কামৰূপ মহানগৰ জিলাত ক্ৰমাৎ আই চি ইউৰ বিছনাৰ অভাৱ হ’বলৈ আৰম্ভ কৰিছে৷ সম্প্ৰতি গুৱাহাটীৰ মুখ্য চৰকাৰী চিকিৎসালয় জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰ কভিড হস্পিটেলত আই চি ইউৰ বিছনাৰ অভাৱ আৰম্ভ হোৱা কথা জানিব পৰা গৈছে৷ আনহাতে গুৱাহাটীৰ এখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সম্প্ৰতি কভিড ৰোগীৰ বাবে আই চি ইউৰ বিছনা নাই বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে অসমত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ ২৫ সহস্ৰাধিক লোক চিকিৎসাধীন হৈ আছে৷ ইফালে অসমত অতি দ্ৰুতগতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত ভয়ংকৰ ভৱিষ্যতৰ আশংকা কৰা হৈছে৷ ৰাজ্যত যোৱা তিনিটা দিনতে সংক্ৰমণৰ হাৰ ৫-১০ শতাংশলৈ বৃদ্ধি পাইছে৷ লক্ষণীয় যে যোৱা ২৫ এপ্ৰিলতে অসমত সংক্ৰমণৰ হাৰ ৫ শতাংশৰ ঘৰ স্পৰ্শ কৰিছিল যদিও ৩০ এপ্ৰিললৈ প্ৰায় ৫-৬ শতাংশৰ ঘৰতে সীমাবদ্ধ হৈ আছিল৷ কিন্তু ১ মে’ৰ পৰা ৰাজ্যত অস্বাভাৱিক হাৰত সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰে৷ ফলত মাত্ৰ তিনিটা দিনত অসমত কৰ’নাৰ সংক্ৰমণৰ হাৰ ১০.০১ শতাংশ স্পৰ্শ কৰে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ হ’ল ৮.০২ শতাংশ৷ ইফালে শেহতীয়া পাঁচ দিনত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও অস্বাভাৱিক গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ৰাজ্যত ২ মে’ত এটা দিনত হোৱা মৃত্যুৰ এই সংখ্যাই ৩০১ ঘৰ স্পৰ্শ কৰে৷ যোৱা ৩ মে’ত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ ২৯জন লোক মৃত্যুমুখত পৰে৷ ইফালে আন্তঃৰাষ্ট্ৰীয় অসমীয়া ক্ৰীড়াবিদ জয়ন্ত তালুকদাৰো কৰ’নাত আক্ৰান্ত হৈছে৷ তালুকদাৰ কালাপাহাৰ কভিড হস্পিটেলত চিকিৎসাধীন হৈ আছে৷ ইফালে ৰাজ্যৰ ২২খন জিলাতে সম্প্ৰতি কৰ’নাজনিত পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত দ্বিতীয়টো সংক্ৰমণৰ সৰ্বাধিক ৪৪৮৯জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ ইয়াৰে কেৱল কামৰূপ মহানগৰ জিলাতে ১৬৪৫জন লোক আক্ৰান্ত হয়৷ এতিয়ালৈকে ৰাজ্যত কৰ’না ভাইৰাছত মুঠ ২৬,৩৪৫০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মুত্যু হোৱা লোকৰ সংখ্যা ১৩৮৯৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here