ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰো উদ্বেগজনকভাৱে বৃদ্ধি

0
883


ৰাজ্যত কভিড পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ পৰাৰ সময়তে খোদ ৰাজধানী গুৱাহাটীত পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰণৰ বাহিৰ পাইছেগৈ৷ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত হোৱা সংক্ৰমণ ৰোধ কৰিবৰ বাবে জিলা প্ৰশাসনে তিনিটাকৈ ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত যোৱা এটা সপ্তাহৰ প্ৰতিদিনে গড়ে প্ৰায় ১৩০০জনকৈ লোক কৰ’নাত আক্ৰান্ত হৈছে৷ ইফালে ৰাজ্য চৰকাৰে লকডাউনতকৈ মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি পৰিস্থিতি নিয়ন্ত্ৰণত অধিক গুৰুত্ব দিছে৷ লক্ষণীয় যে গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ডত কৰ’নাৰ সংক্ৰমণে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে৷ ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু ৩১নং ৱাৰ্ডত হোৱা কৰ’নাৰ সংক্ৰমণে পৰিস্থিতি অধিক অৱনতি ঘটাইছে৷ এই ৱাৰ্ডকেইটাৰ ২৮নং ৱাৰ্ডত এইপৰ্যন্ত ৭২৩জন, ১৬নং ৱাৰ্ডত ৫০৬জন, ৮নং ৱাৰ্ডত ৪১৯জন, ৩১নং ৱাৰ্ডত ৩৩৪জন, ২৯নং ৱাৰ্ডত ৩২৮জন, ১৪নং ৱাৰ্ডত ৩১৮জন, ৩নং ৱাৰ্ডত ২৯৩জন আৰু ২৪নং ৱাৰ্ডত এইপৰ্যন্ত ২৮১জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত যোৱা ৫ মে’ত গুৱাহাটীৰ তিনিটাকৈ ৱাৰ্ডত মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে জিলা প্ৰশাসনে৷ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, যি ৱাৰ্ডত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই ৪০০ৰ ঘৰ স্পৰ্শ কৰিব, তাতেই কণ্টেইনমেণ্ট জ’ন দিয়াৰ কথা ঘোষণা কৰে৷ তেনে পৰিপ্ৰেক্ষিতত এইপৰ্যন্ত ৪০০জনতকৈ অধিক লোক আক্ৰান্ত হোৱা ৮, ১৬ আৰু ২৮নং ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ ৬ এপ্ৰিলৰ দিনৰ ২ বজাৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই কণ্টেইনমেণ্ট জ’নত ৮নং ৱাৰ্ডৰ ভূতনাথ, কুমাৰপাৰা, মাছখোৱা আৰু আঠগাঁৱৰ আংশিক এলেকা, ১৬নং ৱাৰ্ডৰ ফটাশিল, ভাস্কৰ নগৰ, বৰ্ষাপাৰা, ধীৰেনপাৰাৰ আংশিক এলেকা আৰু ২৮নং ৱাৰ্ডৰ বৰসজাইৰ আংশিক, বশিষ্ঠ গ্ৰাণ্টৰ আংশিক, মৈদানৰ আংশিক, বৰমটৰীয়াৰ আংশিক আৰু হাতীগাঁৱৰ আংশিক এলেকা অন্তৰ্ভুক্ত হৈছে৷ প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা এলেকাত প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰা হৈছে৷ এই এলেকাত থকা সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব৷ অৱশ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকৰ চলাচল এই এলেকাতো অব্যাহত থাকিব৷ কণ্টেইনমেণ্ট জ’নত থকা বেংক, বীমা কাৰ্যালয় আৰু এ টি এম কভিড প্ৰট’কল অনুসৰি চলি থাকিব৷ গেলামালৰ দোকান, গাখীৰ, ফল-মূলৰ দোকান পুৱা ৮ বজাৰ পৰা দিনৰ ১২ বজালৈ খোলা ৰাখিব পাৰিব৷ ঔষধৰ দোকান, পশু চিকিৎসা কেন্দ্ৰ, পশু খাদ্যৰ দোকানক ৰেহাই দিয়া হৈছে৷ ভ্ৰাম্যমাণ পাচলি ব্যৱসায়ী, মাছ আৰু মাংসৰ ব্যৱসায়ীক কণ্টেইনমেণ্ট জ’ন এলেকাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷ চিকিৎসাজনিত কাৰণত কোনো লোক কণ্টেইনমেণ্ট জ’নৰ পৰা যাব পাৰিব৷ অত্যাৱশ্যকীয় সেৱা আৰু ই-কমাৰ্চৰ হ’ম ডেলিভাৰী সন্ধিয়া ৬ বজালৈ সেই এলেকাত প্ৰৱেশ কৰিব পাৰিব৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী ব্যৱসায় দিনৰ ২ বজালৈ খোলা ৰাখিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here