Home Daily news ৰাজ্যত কৃষিজাত বনৌষধি গছৰোপণৰ কোনে ল’লে পদক্ষেপ

ৰাজ্যত কৃষিজাত বনৌষধি গছৰোপণৰ কোনে ল’লে পদক্ষেপ

দেশৰ প্ৰসিদ্ধ আয়ুৰ্বেদ কোম্পানী ডাবৰ ইণ্ডিয়া লিমিটেডে শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় বন গৱেষণা আৰু বিশ্ব কৃষি বনানীকৰণ কেন্দ্ৰৰ সহযোগত অসমকে ধৰি উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, ওড়িষা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুসহ দেশৰ জ্জখন ৰাজ্যত কৃষি বনানী বৃদ্ধি আৰু খেতি মাটিসমূহতো কৃষিজাত বনৌষধি গছৰোপণৰ এক পদক্ষেপ আৰম্ভ কৰে৷ কোম্পানীটোৰ এটা বিবৃতিযোগে জানিব পৰা মতে, এই প্ৰক্ৰিয়াত বনৌষধি উদ্ভিদৰ উপৰি ফল-মূলযুক্ত গছ-গছনি ৰোপণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হ’ব৷ এই কাৰ্যৰ জৰিয়তে কৃষি ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ লগতে স্থানীয় লোকসকলে ধন অৰ্জনৰ সুবিধাও আহৰণ কৰিব পাৰিব৷ প্ৰসংগত ডাবৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত মালহোত্ৰাই কয় যে ডাবৰ কোম্পানীৰ ব্যৱসায়ৰ মূল আধাৰেই হ’ল প্ৰকৃতি৷ প্ৰকৃতিৰ পৰা আহৰণ কৰা বনৌষধি ফল-মূলৰ যোগেদিয়েই তেওঁলোকে জনসাধাৰণক সু-স্বাস্থ্য প্ৰদান কৰি আহিছোঁ৷ ডাবৰ ইণ্ডিয়াৰ বাবে গৌৰৱৰ কথা হ’ল যে আমাৰ কৃষি পামযুক্ত বনৰ বাহিৰতো তেওঁলোকে বনানীকৰণৰ দিশে প্ৰথমবাৰৰ বাবে আগবাঢ়িছোঁ, যি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপৰি পৰিৱেশৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব৷ ই সম্পূৰ্ণ পাঁচ বছৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু এই পদক্ষেপক ভাৰত চৰকাৰৰ পৰিৱেশ, বাণিজ্য আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ন্যায্যতা প্ৰদান কৰাৰ লগতে ইউনাইটেড ষ্টেট এজেিঞ্চ ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট স্বীকৃতি আৰু মান্যতা প্ৰদান কৰিছে৷ এই প্ৰক্ৰিয়াৰ ফলত উৎপাদিত বনৌষধিযুক্ত ফচলসমূহ পৰৱৰ্তী পৰ্যায়ত ডাবৰ কোম্পানীয়ে ৰোপণ কৰা স্থানৰ সেই কৃষকসকলৰ পৰা ক্ৰয় কৰি লোৱাৰো আঁচনি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷

Most Popular

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...