ৰাজ্যত কভিড পৰিস্থিতি অৱনমিত

0
980

ৰাজ্যৰ স্বাস্থ্য বিভাগে পুনৰ কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয় সাজু কৰিবলৈ আৰম্ভ কৰিছে৷

ৰাজ্যত কভিড পৰিস্থিতি হঠাতে যথেষ্ট অৱনমিত হৈছে৷ নিতৌ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিধানসভাৰ নিৰ্বাচনৰ সময়ত ব্যাপক জনসমাগম হোৱাৰ লগতে নিয়ন্ত্ৰণহীন পৰিস্থিতিত ফাকুৱা উদ্‌যাপন কৰাৰ পাছত এতিয়া ৰাজ্যত ক্ৰমাৎ ঊধবৰ্মুখী হৈ পৰিছে কৰ’নাৰ সংক্ৰমণ৷পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এখনৰ পাছত আন এখন জিলাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছে৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগে পুনৰ কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয় সাজু কৰিবলৈ আৰম্ভ কৰিছে৷ যোৱা ১০ এপ্ৰিলৰ দিনটোত ৰাজ্যত ৪ শতাধিক লোক একেদিনাই আক্ৰান্ত হয়৷ ১১ এপ্ৰিলত ৰাজ্যত মুঠ ৩৫২জন নতুন ৰোগীৰ চিনাক্ত কৰা হয়৷ ইয়াৰে ১৮৬জনেই গুৱাহাটীৰ৷ ডিব্ৰুগড় জিলাত ২৩জন, নগাঁও জিলাত ১৮জন, তিনিচুকীয়া জিলাত ১৭জন, শোণিতপুৰ জিলাত ১৪জন, কামৰূপ গ্ৰাম্য জিলাত ১৩জন আৰু কাছাৰ জিলাত ১০জন নতুন ৰোগী ১১ এপ্ৰিলত ধৰা পৰে৷ ১১ এপ্ৰিলত ৰাজ্যত এজন কৰ’না ৰোগীৰ মৃত্যু ঘটে৷  আনহাতে ক্ৰমাৎ বৃদ্ধি পোৱা সংক্ৰমণৰ বাবে ৰোগীৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে গুৱাহাটীত জি এম চি এইচৰ ২০০খন বিছনা কেৱল কভিড ৰোগীৰ বাবে সাজু কৰা হৈছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে  অসমলৈ বহিঃৰাজ্যৰ পৰা সংক্ৰমণ অহা বুলি প্ৰকাশ কৰি বহিঃৰাজ্যৰ পৰা সংক্ৰমণ ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰা বুলি কয়৷  তেওঁ অসমত প্ৰতিষেধক প্ৰদান কৰা আৰু পৰীক্ষা বৃদ্ধি কৰি সম্প্ৰতি কভিডৰ বিৰুদ্ধে যুঁজ চলাই নিয়াত গুৰুত্ব আৰোপ কৰা বুলি সদৰী কৰে৷ অসমত সম্প্ৰতি পজিটিভিটি ৰেট মাত্ৰ ০.৫ শতাংশ বুলি সদৰী কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু থকা বুলি কয়৷  ১১ এপ্ৰিলত গুৱাহাটী ৰে’ল ষ্টেচনতে ১৯জন যাত্ৰীৰ কভিড পজিটিভ ধৰা পৰে, একেদৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰো কভিড পৰীক্ষা  কৰাৰ পাছত ৫ জন ভক্ত কভিড পজিটিভ বুলি ধৰা পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here