ৰাজ্যত কভিডৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

0
378
কভিডৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বিশেষকৈ উজনিত জাপানীজ এনকেফেলাইটিছ ৰোগেও জনজীৱনৰ প্ৰতি ভাবুকি আনিছে৷ বাৰিষা সচৰাচৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে উজনি অসমত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে ভয়াৱহ ৰূপ লয়৷ উজনি অসমৰ কেইবাখনো জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ-সদৃশ চমুকৈ AES ৰোগীৰ সংখ্যা৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই জনোৱা মতে, এপ্ৰিলৰ পৰা ৩১ জুলাইপৰ্যন্ত চিকিৎসা মহাবিদ্যালয়খনত মুঠ ১৬৬গৰাকী JE আৰু AES-ত আক্ৰান্ত হৈ ভৰ্তি হৈছে৷ ইয়াৰে ভিতৰত ৯১গৰাকী প্ৰাপ্তবয়স্ক আৰু ৭৫টি শিশু৷ প্ৰাপ্তবয়স্কৰ ভিতৰত ২৯গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত হৈছে৷ সেইদৰে শিশুৰ ভিতৰত ১৮টি JE-ত আক্ৰান্ত বুলি নিশ্চিত হৈছে৷ এতিয়ালৈকে AMCH-ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মুঠ ১২গৰাকীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ৮ গৰাকী প্ৰাপ্তবয়স্ক আৰু 8টি শিশুৰ JE-ত মৃত্যু হৈছে৷ মৃত্যু হোৱাসকলৰ ঘৰ লখিমপুৰ, ধেমাজি, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ বুলি ডাঃ দিহিঙীয়াই জনায়৷ JE আৰু AES-ত আক্ৰান্ত হ’লে প্ৰধানতঃ ৰোগীৰ তীব্ৰ মূৰৰ বিষ, তীব্ৰ জ্বৰ, গাৰ বিষ আদি উপসৰ্গই দেখা দিয়ে৷ ডাঃ দিহিঙীয়াই জাপানীজ এনকেফেলাইটিছৰ পৰা বাচি থাকিবলৈ বাৰিষাৰ কালছোৱাত গাহৰি পালকসকলে গাহৰিসমূহ নিজে বসবাস কৰা ঘৰৰ পৰা আঁতৰত ৰখা, শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, স্বাস্থ্য বিভাগে প্ৰদান কৰা ঔষধিকৰণ কৰা আঁঠুৱা ব্যৱহাৰ কৰা, আবদ্ধ হৈ থকা ঘৰৰ চৌহদৰ পানী নিষ্কাশন কৰা, হাবি-জংঘল কাটি ঘৰৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা, কেঁচা চালাড জাতীয় খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হ’ব লাগে বুলি কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here