ৰাজ্যত এপালিও ভেক্‌চিন নোলোৱাৰ সংখ্যা কিমান ? What size of the State’s population has not taken a single dose of vaccine?

0
496
ৰাজ্য চৰকাৰখনে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কভিড-১৯ৰ ভেকচিন প্ৰদানৰ কাম ক্ষিপ্ৰ কৰি তুলিব খুজিছে যদিও ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ ঊৰ্ধবৰ প্ৰায় ৩৪ লাখ লোকে এপালিও ভেক্‌চিন লোৱা নাই৷ ইমান বৃহৎসংখ্যক লোকক ভেক্‌চিন দিবলৈ বাকী থকাৰ সময়তে ৰাজ্যখনত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো৷ উল্লেখ্য যে ১৮ বছৰৰ ঊৰ্ধবৰ ৰাজ্যৰ জনসংখ্যা হৈছে ২,৩৩,৭৪,০৮৭৷ ইয়াৰে ভিতৰত প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে ১,৯৯,৭৪,৯১৫জন লোকে৷ অথাৰ্ৎ প্ৰথম পালি ভেক্‌চিন লাভ কৰিছে ৮৫.৪৫ শতাংশ লোকে৷ আনহাতে দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিছে মাত্ৰ ৭৫,১৬,৬৯৭ লোকেহে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৩২.১৫ শতাংশ লোকে দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিলেও এতিয়াও ৬৭.৮৫ শতাংশ লোকে দ্বিতীয় পালি ভেক্‌চিন পাবলৈ বাকী আছে৷ ইফালে কৰ’নাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিয়মসমূহ শিথিল কৰাৰ পাছত এতিয়া ৰাজ্যৰ বজাৰে-সমাৰে সকলোতে জনসমাগম বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু মাস্ক পৰিধান কৰাতো দূৰৈৰ কথা, বহুসংখ্যক লোকে মানি চলা নাই শাৰীৰিক ব্যৱধানো ৷ ইয়েই ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here