ৰাজ্যত এতিয়ালৈ কিমানে দ্বিতীয় পালি ভেক্‌চিন লোৱা নাই || How many people in the state have not taken the second dose of vaccine?

0
463
ক’ভিড-১৯ৰ প্ৰথম পালি ভেক্‌চিন লোৱাৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত দ্বিতীয় পালি ভেকচিন নোলোৱা লোকৰ সংখ্যা ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ বৰ্তমানলৈ ৰাজ্যখনত ৮ লক্ষাধিক এনে লোক চিনাক্ত হৈছে যি সময় উকলি যোৱাৰ পাছতো এতিয়ালৈকে দ্বিতীয় পালি ভেক্‌চিন গ্ৰহণ কৰা নাই৷ যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, প্ৰথম পালি ভেক্‌চিন লোৱাৰ সময়ত সকলো লোকৰে ম’বাইল নম্বৰ লোৱা হৈছিল৷ সেই অনুসৰি এতিয়া স্বাস্থ্যবিভাগে সময় উকলি যোৱা লোকসকলক শীঘ্ৰে দ্বিতীয় পালি ভেক্‌চিন লোৱাৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে যদিও ইয়াৰ পৰা কোনো লাভ হোৱা নাই৷ আনকি বহুসংখ্যক লোকে প্ৰথম পালি ভেক্‌চিন লোৱাৰ সময়ত আনৰ ম’বাইল নম্বৰ বা ভুল ম’বাইল নম্বৰো প্ৰদান কৰিছিল৷ যাৰ বাবে এতিয়া উক্ত লোকসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে৷ সূত্ৰটোৰ মতে, ৰাজ্যখনত এনে প্ৰায় ১.৫০ লাখ লোক আছে যি প্ৰথম পালি কভেক্সিন ভেক্‌চিন লোৱাৰ পাছত দ্বিতীয় পালি ভেক্‌চিন নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে লোৱা নাই৷ আনহাতে প্ৰথম পালি কভিশ্বিল্ড ভেক্‌চিন লোৱাৰ পাছত নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ ৬.৫০ লাখ লোকে দ্বিতীয় পালি ভেক্‌চিন গ্ৰহণ কৰা নাই৷ আনহাতে ৰাজ্য চৰকাৰখনে চলিত মাহতে মেগা ভেক্‌চিনেশ্যনৰ আঁচনি হাতত লৈছে৷ কিন্তু এনে পৰিস্থিতিৰ মাজতে প্ৰথম পালি ভেক্‌চিন লোৱা বৃহৎসংখ্যক লোকে নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো দ্বিতীয় পালি ভেক্‌চিন নোলোৱা কথাইহে এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here