ৰাজ্যত এইবাৰ জিকা ভাইৰাছৰ আতংক! Zika virus terror in State

0
701
ৰাজ্যত কভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে পুনৰ আন এক ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত জিকা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু বহু লোকৰ মৃত্যুও হৈছে৷ ইয়াৰ ভিতৰত কেৰালাত ৬৫ গৰাকী, উত্তৰ প্ৰদেশত ১৩৪ গৰাকী লোক জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ জিকা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰিছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা মতে ৰাজ্যত জিকা ভাইৰাছৰ সংক্ৰমণ এতিয়াও দেখা পোৱা নাই যদিও আগতীয়াকৈ বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ৰাজ্যত প্ৰতিখন জিলালৈ স্বাস্থ্য বিভাগে জিকা ভাইৰাছ সন্দৰ্ভত গাইডলাইন প্ৰেৰণ কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলালৈ বিশেষ জাননী প্ৰদান কৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে৷ মুখ্যতঃ বাহিৰৰ পৰা অহা কোনো লোকৰ শৰীৰত যদি জ্বৰ, গাৰ বিষ আদি লক্ষণবোৰ থাকে, তেন্তে তেনে লোকক তৎকালে চিকিৎসাললৈ আনি উক্ত ভাইৰাছৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে জিকা ভাইৰাছৰ মূল লক্ষণ হিচাপে প্ৰচণ্ড জ্বৰ, গাৰ বিষ, চকু ৰঙা পৰা আদি৷ আনকি এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মগজুৰ ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা আকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here