ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে কৰ’নাৰ সংক্ৰমণ

0
1216

১৫ এপ্ৰিলত গুৱাহাটী ৰে’ল ষ্টেছনত বহিঃৰাজ্যৰ পৰা অহা ২৫জন যাত্ৰীৰ শৰীৰত ধৰা পৰিছে কৰ’না ভাইৰাছ৷

দেশৰ আন ৰাজ্যৰ দৰেই অসমটো ক্ৰমাৎ উদ্বেগজনকভাৱে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ১৫ এপ্ৰিলৰ দিনটোত ৰাজ্যখনত মুঠ ৪৯৯জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ আনহাতে সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে ২.৭২ শতাংশলৈ৷ অথচ যোৱা ১২ এপ্ৰিলত ৰাজ্যখনত সংক্ৰমণৰ হাৰ আছিল ০.৫৭ শতাংশ৷ ইয়াৰ পাছতেই ১৩ এপ্ৰিলত এই হাৰ ০.৯৯ শতাংশলৈ, ১৪ এপ্ৰিলত ১.২৮ শতাংশলৈ আৰু ১৫ এপ্ৰিলত ২.৭২ শতাংশলৈ বৃদ্ধি পায়৷ সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰাই স্পষ্ট হৈ পৰিছে যে অনাগত সময়ত দেশৰ আন আন ৰাজ্যৰ দৰেই অসমতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ ১৫ এপ্ৰিলত ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩৬১৩৷ ১৫ এপ্ৰিলত গুৱাহাটী ৰে’ল ষ্টেছনত বহিঃৰাজ্যৰ পৰা অহা ২৫জন যাত্ৰীৰ শৰীৰত ধৰা পৰিছে কৰ’না ভাইৰাছ৷ যোৱা চাৰি দিনতে গুৱাহাটী মহানগৰ জিলাত আক্ৰান্ত হৈছে ৮৯৮ লোক৷ ইয়াৰ ভিতৰত মহানগৰখনত ১৫ এপ্ৰিলত সৰ্বাধিক ২৫৫ লোক আক্ৰান্ত হৈছে৷ ইফালে ১৬ এপ্ৰিলত ৰাজ্যখনত মুঠ ৫৭৩জন আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪ জনৰ৷ আক্ৰান্তসকলৰ ভিতৰত ২৪৫ জনেই হৈছে গুৱাহাটী মহানগৰী জিলাৰ৷ ইফালে ডিব্ৰুগড় জিলাত ১৬ এপ্ৰিলত ২৪গৰাকী লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ কভিড-১৯ সংক্ৰমণ ধৰা পৰিছে৷ আনহাতে যোৱা ১ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে ডিব্ৰুগড় জিলাত ৩৪৭গৰাকী লোক কভিড পজিটিভ হৈছে৷ নগাঁও জিলাত ক্ৰমান্বয়ে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ নগাঁৱত কভিড-১৯ৰ দ্বিতীয় লহৰত ১৬ এপ্ৰিলত ৩৩জনকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য জিলাখনৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ আনহাতে মুকালমুৱা থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ একেটা পৰিয়ালৰ মুঠ চাৰিগৰাকী লোক আক্ৰান্ত হৈছে কভিড-১৯ত৷ জাগীৰোডৰ জাগীভকত গাঁৱৰ দয়ঙীয়াল গাঁৱত ১৬ এপ্ৰিলত এগৰাকী মাতৃ আৰু তেওঁৰে তিনি বছৰীয়া কন্যাৰ দেহত কভিড-১৯ ধৰা পৰে৷ বি টি আৰৰ সদৰ কোকৰাঝাৰত পুনৰাই ১০জনকৈ লোক মহামাৰী কৰ’নাত আক্ৰান্ত হৈছে৷ বিগত তিনিটা দিনত কাৰ্বি আংলং জিলাত ১৮গৰাকী ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰে দুগৰাকী নবছৰীয়া আৰু ১২ বছৰীয়া শিশু৷ যোৰহাটত কভিড-১৯ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ জিলাখনত যোৱা ৩ দিনত আক্ৰান্ত হৈছে ৫০জনকৈ লোক৷ ১৬ এপ্ৰিলত যোৰহাটত ১১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ যোৱা ১৬ এপ্ৰিলত পুনৰ শিৱসাগৰৰ দুজন ব্যক্তি কভিড-১৯ত আক্ৰান্ত হয়৷ বিগত এটা পষেকৰ ভিতৰত জিলাখনৰ প্ৰায় ৪০জনকৈ ব্যক্তি আক্ৰান্ত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াকে ধৰি শিৱসাগৰ জিলাত আক্ৰান্তৰ সংখ্যাই ৪০১ ঘৰ অতিক্ৰম কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here