ৰাজ্যত অক্সিজেনৰ বৃহৎ ক’লা বজাৰ– ক’ত?

0
1698

পূৰ্বতে যিটো অক্সিজেন চিলিণ্ডাৰৰ মূল্য ৭ হাজাৰ বা ৮ হাজাৰ টকা আছিল, এতিয়া তেনে এটা অক্সিজেন চিলিণ্ডাৰ বজাৰত বিক্ৰী হৈছে ১৯-২০ হাজাৰ টকাত৷

ৰাজ্যত গোপনে গঢ় লৈ উঠিছে জীৱনদায়িনী অক্সিজেন চিলিণ্ডাৰৰ এখন বৃহৎ ক’লা বজাৰ৷ গুৱাহাটীৰ ফাঁচিবজাৰৰ এটা দুষ্ট চক্ৰই নিয়ন্ত্ৰণ কৰা এই ক’লা বজাৰখনৰ বাবেই এতিয়া আকাশলংঘী হৈছে একো একোটা অক্সিজেন চিলিণ্ডাৰৰ দাম৷ পূৰ্বতে যিটো অক্সিজেন চিলিণ্ডাৰৰ মূল্য ৭ হাজাৰ বা ৮ হাজাৰ টকা আছিল, এতিয়া তেনে এটা অক্সিজেন চিলিণ্ডাৰ বজাৰত বিক্ৰী হৈছে ১৯-২০ হাজাৰ টকাত৷ গুৱাহাটীত অক্সিজেনৰ নাটনি ঘটিব পাৰে বুলি শংকা কৰিয়েই আগতীয়াকৈ বহু লোকে অক্সিজেন চিলিণ্ডাৰ সংগ্ৰহ কৰাৰ ফলতে এই ক’লা বজাৰখন গঢ়ি উঠা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে গুৱাহাটীত বহু লোকেই কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসালয় বা কভিড কেয়াৰ চেণ্টাৰত ভৰ্তি নহৈ ঘৰতে আইছ’লেশ্যনত আছে৷ উক্ত লোকসকলৰ মাজত ধনৱন্তসকলে ৰোগীক অক্সিজেনৰ প্ৰয়োজন হ’ব বুলি ভাবি ক্ৰয় কৰিছে অক্সিজেন চিলিণ্ডাৰ৷ যাৰ সুবিধা লৈ ফাঁচিবজাৰৰ একাংশ ব্যৱসায়ীয়ে তিনি, চাৰি গুণ দামত বিক্ৰী কৰিছে একোটা চিলিণ্ডাৰ৷ মন কৰিবলগীয়া যে দিল্লীত অক্সিজেনৰ অভাৱত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল৷ ঠিক সেইদৰে হ’ম আইছ’লেশ্যনত থকা ধনৱন্ত লোকসকলেও অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰাৰ ফলতে দিল্লীৰ দৰেই অসমতো গঢ়ি উঠিছে অক্সিজেন  চিলিণ্ডাৰৰ এখন ক’লা বজাৰ৷ আনকি গুৱাহাটীৰ বহু দোকানত এতিয়া অক্সিজেন চিলিণ্ডাৰ পাবলৈকো নোহোৱা হৈ পৰিছে৷ উক্ত অসাধু চক্ৰটোৱেই ক’লা বজাৰ গঢ়ি তোলাৰ স্বাৰ্থতে অক্সিজেন চিলিণ্ডাৰৰ কৃত্ৰিম নাটনি ঘটোৱাৰ চেষ্টা চলাই আছে৷ সেয়েহে এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো  কঠোৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব লাগে৷ যাতে উক্ত অসাধু চক্ৰটোৱে অক্সিজেন চিলিণ্ডাৰৰ ক’লা বজাৰ গঢ়ি তুলিব নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here