ৰঙালাউৰ গুটিৰ উপকাৰিতা কি? জানো আহক

0
1389

মিঠা সোৱাদযুক্ত ৰঙালাউৰ তৰকাৰীখনৰ লগত গৰম গৰম ভাতৰ সোৱাদেই সুকীয়া৷ বহুতেই ৰঙালাউক বিভিন্ন ধৰণৰ ব্যঞ্জন হিচাপে বনাই খাই ভাল পায়৷ কিন্তু আপুনি কেতিয়াবা ৰঙালাউৰ গুটি খাই পাইছেনে? হয়– বহুতেই ৰঙালাউৰ গুটি ৰ’দত শুকাই খাই ভাল পায়৷ তেনেকৈ খালে বাদামৰ দৰে সোৱাদৰ হয়৷ পিছে ই যে অকল সোৱাদবিশিষ্ট, তেনে নহয়৷ ইয়াৰ আছে বহুতো ঔষধি গুণ– 

(১) ৰঙালাউত থকা হাইপোগ্লাইকেমিয়া উপাদানে ডায়েবেটিছ আৰু হাই কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে৷
(২) ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে আনছেটুৰেটেড ফেটছ্‌, Alpha Linolenic acid থাকে, যিয়ে হাৰ্টৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাৰ লগতে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগক বাধা প্ৰদান কৰে৷
(৩) ইয়াত থকা মেগনেচিয়ামে ভাগৰ দূৰ কৰি ভাল টোপনি অহাত সহায় কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷
(৪) কিছুমান অধ্যয়নত প্ৰকাশ পোৱা মতে, ৰঙালাউৰ গুটিৰ তেলে প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যা দূৰ কৰে৷
(৫) ইয়াত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে কোষ ধবংস হোৱাত বাধা প্ৰদান কৰে,যাৰ ফলত মহিলাৰ স্তন কেঞ্চাৰকে ধৰি বিভিন্ন কৰ্কট ৰোগ হোৱাত বাধা দিয়ে৷
(৬) জিংক সমৃদ্ধ ৰঙালাউৰ গুটিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ উপৰি মানসিক চাপ, দুশ্চিন্তা দূৰ কৰাত সহায়ক হয়৷
(৭) ইয়াত থকা কেলচিয়ামে অস্তিঅ’পৰ’ছিছৰ সম্ভাৱনা কম কৰে৷
(৮) ফাইবাৰযুক্ত ৰঙালাউৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে৷
(৯) পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা দূৰ কৰাত ৰঙালাউৰ গুটিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(১০) দৃষ্টিশক্তিৰ বৃদ্ধিতো ৰঙালাউৰ গুটিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here