ৰক্ত শৰ্কৰাৰ পৰিমাণ অধিক হ’লে তিয়ঁহ খাওক

0
1375

ডায়েবেটিছ  এনে এক সমস্যা, যি বৰ্তমান সময়ত সকলোৰে বাবে মূৰৰ কামোৰ হিচাপে পৰিগণিত হৈছে৷ শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈ প্ৰায় অধিকাংশ মানুহেই ডায়েবেটিছত আক্ৰান্ত৷ ইয়াৰ পৰিমাণ অধিক হ’লে মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ অৱশ্যে কিছুমান ডায়েট পালন কৰি শৰীৰৰ ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ এনে এবিধ খাদ্য হৈছে তিয়ঁহ৷ Plant foods for Human Nutrition নামৰ জাৰ্নেলখনৰ দ্বাৰা কৰা এক অধ্যয়নৰ মতে টাইপ-২ ডায়েবেটিছ ৰোগীয়ে দৈনিক তিয়ঁহ খাই ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে৷ তিয়ঁহত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ কম কৰাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ই কাৰ্বহাইড্ৰেট আৰু শৰ্কৰাৰ পাচনৰ গতি কম কৰাত সহায় কৰে৷ যাৰ ফলত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ হোৱাত সহায়ক হয়৷ USDAৰ মতে তিয়ঁহত ১০ কেলৰি থাকে৷ ইয়াক চালাড হিচাপে সেৱন কৰাৰ উপৰি চেণ্ডইউচ হিচাপেও খাব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে কেনেধৰণে তিয়ঁহক নিজৰ ডায়েটত অন্তৰ্ভুক্ত কৰিব পাৰে, জানো আহক–

(১) তিয়ঁহ আৰু বাদামৰ চালাড সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যবৰ্ধকো হয়৷ এনেধৰণে চালাড খালে ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি নহয় আৰু ডায়েবেটিছো নিয়ন্ত্ৰণত থাকে৷
(২) তিয়ঁহক দৈৰ লগত চুপ হিচাপেও খাব পাৰে৷
(৩) তিয়ঁহক পকৰি হিচাপে তৈয়াৰ কৰি ডায়েবেটিছ ৰোগীয়ে সেৱন কৰিব পাৰে৷
(৪) ডায়েবেটিছ ৰোগীসকলে দৈৰ লগত তিয়ঁহৰ ৰাইটা বনায়ো খাব পাৰে৷
ইয়াৰ উপৰি পালেং শাক, বিলাহী, ব্ৰকলি আদিও ডায়েবেটিছ ৰোগীৰ বাবে উপযুক্ত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here