২ ডি জিৰ প্ৰতিটো পাউচৰ দাম কিমান?

0
858

২ ডি জি পানীৰ লগত মিহলাই খালে ৰোগী কম সময়তে আৰোগ্য হোৱাৰ লগতে তেওঁক অক্সিজেন দিয়াৰ প্ৰয়োজন নাথাকে

ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’-এ উদ্ভাৱন কৰি উলিওৱা ২ ভি অ’ক্সি-ডি-গ্লুক’জ ২ ডি জি কভিড আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈ ব্যৱহাৰ কৰা হৈছে৷ প্ৰতিৰক্ষা গৱেষণা তথা উন্নয়ন সংস্থাই প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ঔষধ ২ ডি জিৰ দাম নিৰ্ধাৰণ কৰিছে ইয়াৰ উৎপাদন কৰা কোম্পানী ডাঃ ৰেড্ডীজে৷ কোম্পানীটোৰ মতে, এই ঔষধৰ প্ৰতিটো পাউচৰ দাম ৯৯০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ লগতে এইবুলিও কোৱা হৈছে যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ লগতে চৰকাৰী চিকিৎসালয়ে এই ঔষধ ক্ৰয় কৰিলে দাম ৰেহাই দিয়া হ’ব৷ উল্লেখ্য যে ডি আৰ ডি অ’ই কৰা পৰীক্ষাত পোহৰলৈ আহিছিল যে ২ ডি জি পানীৰ লগত মিহলাই খালে ৰোগী কম সময়তে আৰোগ্য হোৱাৰ লগতে তেওঁক অক্সিজেন দিয়াৰ প্ৰয়োজন নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here