ৰাস্নাই মুকলি কৰিছে ৰোগ প্ৰতিৰোধী ছিৰাপ

0
1414

২ টকা দৰত এগিলাচ ফলৰ ৰস প্ৰস্তুত কৰিব পৰাকৈ এইবিধ ছিৰাপ মুকলি কৰে৷

ৰাস্না প্ৰাইভেট লিমিটেডৰ জনপ্ৰিয় ব্ৰেণ্ড ৰাস্নাই সংক্ৰমণ প্ৰতিৰোধ সম্পন্ন এবিধ ছিৰাপ মুকলি কৰিছে৷ বিশেষকৈ, কৰ’না মহামাৰীৰ সময়ছোৱাত মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰাকৈ গুণ সন্নিৱিষ্ট ২ টকা দৰত এগিলাচ ফলৰ ৰস প্ৰস্তুত কৰিব পৰাকৈ এইবিধ ছিৰাপ মুকলি কৰে৷ ছিৰাপবিধ প্ৰস্তুত কৰাৰ সময়ত সংযোগ ঘটোৱা হৈছে ভিটামিন ই, বি ১২, বি ৬, ছেলেনিয়াম আৰু জিংক৷ তদুপৰি গ্লু'কজ আৰু কমলা, নেমুপানী, আনাৰস, ছাহি গোলাব, কেছৰ ইলাচী আদিৰ অৱশিষ্ট সংযোগ ঘটোৱা হৈছে৷ এই খণ্ডত প্ৰায় ৪০০০ কোটি টকা বিনিয়োগেৰে কোম্পানীটোৱে দেশৰ প্ৰায় ২-৩% বজাৰ দখল কৰাৰ লক্ষ্য ৰাখিছে৷ প্ৰসংগতঃ কোম্পানীটোৰ অধ্যক্ষ খাম বাষ্টাই দেশৰ শেহতীয়া মহামাৰী পৰিস্থিতিত অতি কম মূল্যত এইবিধ দ্ৰব্য মুকলি কৰিবলৈ পাই যথেষ্ট আনন্দিত হোৱাৰ কথা উল্লেখ কৰে৷ আনহাতে কোম্পানীটোৱে দ্ৰব্যবিধৰ প্ৰচাৰৰ বাবে ক্ৰিকেটাৰ ৰোহিত শৰ্মাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here