২৭ জানুৱাৰীলৈকে শীতৰ আমেজ লওক

0
1590

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ৷ কিন্তু আৰু কেইবাদিনলৈ অসমবাসীক প্ৰচণ্ড শীতে কঁপাব৷ অতি কমেও অহা ২৭ জানুৱাৰীলৈ অসমত পাৰাস্তম্ভ নিম্নগামী হ’ব আৰু এইকেইদিন ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিব ৰাজ্য৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই খবৰ৷ বতৰ বিজ্ঞানীৰ মতে কেৱল শীতেই নহয়, বিভিন্ন অঞ্চলত বৰষুণেও স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিব৷ আনহাতে, ৰাজধানী গুৱাহাটীকে ধৰি কেইবাখনো জিলাৰ আকাশ অহা দুদিনলৈ ডাৱৰীয়া হৈ থাকিব আৰু শীতৰ প্ৰকোপো বৃদ্ধি পাব৷ অহা দুদিনত ৰাজ্যৰ কেইবাখনো জিলাত পাৰাস্তম্ভ ১১ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অৱনমিত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে৷ দক্ষিণ অসমৰ লগতে কাষৰীয়া অঞ্চলসমূহত ভূপৃষ্ঠৰ মাত্ৰ ০.৯ কিঃমিঃ ওপৰেৰে প্ৰচণ্ড ঘূৰ্ণিবতাহ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে৷ এই ঘূৰ্ণিবতাহৰ ফলতে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত প্ৰচণ্ড শীতে কোবাই যাব৷ এই ঘূৰ্ণিবতাহৰ বাবেই ঘন কুঁৱলী আৰু বৰষুণ হ’ব৷ ইয়াৰ ফলত প্ৰায় এসপ্তাহলৈ অসমত পাৰাস্তম্ভ নিম্নগামী হ’ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে সদৰী কৰিছে৷ কালি ডিব্ৰুগড়ৰ পাৰাস্তম্ভ স্বাভাৱিক অৱস্থাতকৈ ৩ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত স্বাভাৱিক অৱস্থাতকৈ ৫ ডিগ্ৰী চেলচিয়াছ, লখিমপুৰত স্বাভাৱিক অৱস্থাতকৈ ৬ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত স্বাভাৱিক অৱস্থাতকৈ ২ ডিগ্ৰী চেলচিয়াছ আৰু শিলচৰত স্বাভাৱিক অৱস্থাতকৈ ১ ডিগ্ৰী চেলচিয়াছ অধিক নিম্নগামী হৈছে পাৰাস্তম্ভ৷ আনহাতে, গুৱাহাটীৰ উপৰি ডিব্ৰুগড়, তেজপুৰ, লখিমপুৰ, যোৰহাট, তিনিচুকীয়া জিলাত এইকেইদিনত পাৰাস্তম্ভ ১১ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত নিম্নগামী হোৱাৰ সম্ভাৱনা থকা বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে৷ এই সময়ছোৱাত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে মজলীয়াৰ পৰা ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিব৷ আনকি বিভিন্ন স্থানত কুঁৱলীৰ কণিকা বৰষুণৰ টোপালৰ দৰে হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here