২৭ এপ্ৰিলৰ পৰা অসমত নৈশ সান্ধ্য আইন জাৰি

0
782
কভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ধাৰা ৰাজ্যত অব্যাহত আছে৷ কভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৭ এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি ৰাজ্যত ২৭ এপ্ৰিলৰ পৰা সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ তৎকালে বলৱৎ হোৱাকৈ সান্ধ্য আইন জাৰি কৰিছে৷ এই সান্ধ্য আইন ১ মে’ পৰ্যন্ত বাহাল থাকিব৷ এই সময়ছোৱাত সাধাৰণ লোকৰ চলা ফুৰা বা যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত এই সময়ত কিছু ৰেহাই দিয়া হৈছে৷ সেই অনুসৰি ফাৰ্মাচী, চিকিৎসক, নাৰ্ছিং ষ্টাফ, ডায়েগনেষ্টিক চেণ্টাৰ, গৰ্ভৱতী মহিলা, যিকোনো ৰোগী, ফাৰ্মাচিউটিকেল কোম্পানী, বেংকৰ কৰ্মচাৰী, কূটনৈতিক বিষয়া, সাংবিধানিক পদবীধাৰীসকল,  এ টি এমৰ সেৱা প্ৰদানকাৰী, টেলিকমিউনিশ্যন সেৱা, ইণ্টাৰনেট সেৱাত জড়িতসকল, আইন সম্পৰ্কত জড়িতসকলে নিজৰ পৰিচয়-পত্ৰ দেখুৱাই অহা-যোৱা কৰিব পাৰিব৷ ৰে’ল, বিমান বন্দৰ বা আই এছ বি টিলৈ অহা-যোৱা কৰা যাত্ৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে৷ কিন্তু তেনে যাত্ৰীয়ে বৈধ টিকট দেখুৱাব লাগিব৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, যেনে– ফল-মূল ব্যৱসায়ী, খাদ্য সামগ্ৰী কঢ়িওৱা বাহন, পানী যোগান, দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে৷ এল পি জি, পেট্ৰল পাম্প আদিও এই সময়ছোৱাত খোলা ৰাখিব পাৰিব৷ আনহাতে প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰ’নিক মিডিয়াৰ সংবাদকৰ্মীসকলৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে৷ অৱশ্যে কাৰ্যালয়ৰ বৈধ প্ৰমাণ-পত্ৰ প্ৰশাসনক দেখুৱাই অহা-যোৱা কৰিব পাৰিব৷ যদি কোনো ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে এই আইন অমান্য কৰিলে আই পি চি ১৮৮ ধাৰাত আৰু ডিজেষ্টাৰ মেনেজমেণ্টৰ আইনৰ অধীনত তেনে লোকৰ বিৰুদ্ধে কঠোৰভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশটোত উল্লেখ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here