১ মে’ৰ পৰা ১৮ বছৰৰ ঊধবৰ্ৰ প্ৰত্যেককে ভেক্‌চিন

0
1658

অহা ১ মে’ত আৰম্ভ হ’বলগীয়া পৰৱৰ্তী পৰ্যায়ত ১৮ বছৰৰ ঊধ্বৰ্ৰ প্ৰত্যেককে কভিড-১৯ৰ টিকা দিয়া হ’ব৷

যোৱা ১৯ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলানি বৈঠক অনুষ্ঠিত কৰাৰ পাছত চৰকাৰে ঘোষণা কৰে যে অহা ১ মে’ত আৰম্ভ হ’বলগীয়া পৰৱৰ্তী পৰ্যায়ত ১৮ বছৰৰ ঊধ্বৰ্ৰ প্ৰত্যেককে কভিড-১৯ৰ টিকা দিয়া হ’ব৷ ইয়াৰ আগলৈকে চৰকাৰে ৪৫ বছৰৰ ঊধবৰ্ৰসকলৰ বাবে টিকাকৰণত অনুমতি দিছিল৷ এটা বিবৃতিত চৰকাৰে কয়, ‘কভিড-১৯ৰ টিকাকৰণৰ তৃতীয় পৰ্যায়ত সকলো প্ৰাপ্তবয়স্কক উদাৰ আৰু দ্ৰুতভাৱে টিকা দিয়া হ’ব৷ উল্লেখ্য যে ভাৰতত কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ২.৭৩ লাখ হোৱাৰ দিনটোত এই ঘোষণা কৰা হয়৷ ভাৰতে জানুৱাৰীত কভিশ্বিল্ড আৰু কভেক্সিন এই দুটা ভেক্‌চিনেৰে টিকাকৰণ অভিযান আৰম্ভ কৰিছিল৷ এইপৰ্যন্ত চৰকাৰে কেৱল আগশাৰীৰ কৰ্মীসকল আৰু ৪৫ বছৰৰ ঊধবৰ্ৰ লোকসকলৰ বাবেহে টিকাকৰণৰ অনুমতি দিছিল৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘যথাসম্ভৱ কম সময়ত যাতে সৰ্বাধিক সংখ্যক ভাৰতীয়ই ভেক্‌চিন ল’ব পাৰে সেইটো নিশ্চিত কৰিবলৈ চৰকাৰে এবছৰতকৈও বেছিদিনৰ পৰা কাম কৰি আহিছে৷’ চৰকাৰে কয় যে বিশ্বৰ বৃহত্তম টিকাকৰণ অভিযানটোৰ শেহতীয়া পৰ্যায়ত দাম নিৰ্ধাৰণ, আহৰণ, যোগ্যতা আৰু টিকা দিয়া নমনীয় হ’ব৷ ভেক্‌চিন উৎপাদনকৰ্তা কোম্পানীসমূহক উৎপাদন বৃদ্ধি কৰিবলৈ আৰু ৰাজ্য চৰকাৰসমূহ আৰু মুকলি বজাৰলৈ ৫০ শতাংশপৰ্যন্ত ভেক্‌চিন যোগান ধৰিবলৈ কোৱা হৈছে৷ কোম্পানীসমূহে ভেক্‌চিনৰ নিৰ্দিষ্ট দাম ঘোষণা কৰিব লাগিব আৰু তাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহ, বেচৰকাৰী চিকিৎসালয়সমূহ, ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে উৎপাদনকৰ্তাসকলৰ পৰা ভেক্‌চিন কিনিব পাৰিব৷ তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ আগশাৰীৰ চিকিৎসকসকলৰ সৈতে এটা ভাৰ্চুৱেল মত বিনিময় কৰে আৰু ভেক্‌চিনক কভিড-১৯ৰ বিৰুদ্ধে যুঁজত বৃহত্তম অস্ত্ৰ বুলি অভিহিত কৰে আৰু অধিক ৰোগীক ভেক্‌চিন ল’বলৈ উৎসাহিত কৰিবলৈ চিকিৎসকসকলক আহ্বান জনায়৷ তেওঁ ট্ৰেকিং, ট্ৰেচিং আৰু টেষ্টিঙত জোৰ দি কয় যে এই ব্যৱস্থা সম্পূৰ্ণৰূপে মানি চলিব লাগে৷ তেতিয়াহ’লে প্ৰথমটো ঢৌ নিয়ন্ত্ৰণ কৰাৰ দৰে দ্বিতীয়টো ঢৌও নিয়ন্ত্ৰণ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here