১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ Unlock হ’বনে?

0
342
অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কভিডৰ নিষেধাজ্ঞা যথেষ্ট শিথিল হ’ব যদিও সম্পূৰ্ণ Unlock নহয়৷ এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰীজনে প্ৰকাশ কৰে যে অহা ১ ছেপ্টেম্বৰত ৰাজ্যত নতুন SOP জাৰি কৰা হ’ব৷ নতুন SOP জাৰি কৰিলেও সম্পূৰ্ণ Unlock কৰি দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰে৷ কিছু ক্ষেত্ৰতহে শিথিলতা প্ৰদান কৰা হ’ব বুলিও তেওঁ জনায়৷ ইফালে নতুন SOP-ত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাধা বহু হ্ৰাস কৰি দিয়াৰ সম্ভাৱনা থকাৰ কথাও তেওঁ সদৰী কৰে৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগ কভিডৰ তৃতীয় ঢৌৰ বাবে সাজু হৈ থকা বুলি মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰীজনে কয় যে ৰাজ্যত ইতিমধ্যে শিশুৰ বাবে ব্যাপক পৰিমাণে ICU নিৰ্মাণ কৰি থকা হৈছে৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিশুৰ বাবে ICU নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলিও সদৰী কৰি মন্ত্ৰীজনে সম্প্ৰতি জিলা চিকিৎসালয়সমূহত শিশুৰ ICU নিৰ্মাণৰ কাম চলি থকা বুলি উল্লেখ কৰে৷ আনহাতে ৰাজ্যত চৰকাৰী খণ্ডত প্ৰথমবাৰৰ বাবে কভিডোত্তৰ জটিলতাৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণ হৈ থকাৰ বিষয়ে মন্ত্ৰীজনে কয় যে কালাপাহাৰ কভিড চিকিৎসালয়খন সম্প্ৰতি কভিডোত্তৰ জটিলতাৰ চিকিৎসাৰ বাবে চিকিৎসালয় হিচাপে নিৰ্মাণ কৰা হৈছে৷ এই চিকিৎসালয়ত ১০৬খন বিছনা থকাৰ কথা কৈ তেওঁ অহা সপ্তাহত এই চিকিৎসালয়খন মুকলি কৰা হ’ব বুলি কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here