১৮-৪৪ বছৰ বয়সৰ লোকৰ টিকাকৰণৰ বাবে নতুন নিয়ম কি?

0
2021
কেন্দ্ৰীয় চৰকাৰে কৰ’নাৰ টিকাকৰণৰ বাবে নতুন নিৰ্দেশ জাৰি কৰে৷ ইয়াৰ ফলত ১৮-৪৪ বছৰ বয়সৰ লোকসকলে যথেষ্ট সকাহ পাব৷ চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা ১৮-৪৪ বছৰ বয়সৰ লোকসকলে কৰ’নাৰ ভেক্‌চিন লোৱাৰ বাবে অনলাইনত নাম পঞ্জীয়ন নকৰিলেও হ’ব৷ এতিয়াৰ পৰা তেওঁলোকে টিকাকৰণ কেন্দ্ৰলৈ গৈ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু তাৰ পাছত নিৰ্ধাৰিত দিনত ভেক্‌চিন ল’ব পাৰিব৷ বৰ্তমান কেৱল চৰকাৰী টিকাকৰণ কেন্দ্ৰত এই সুবিধা দিয়া হৈছে৷ কেন্দ্ৰই সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চললৈ প্ৰেৰণ কৰা এই নিৰ্দেশত টিকাকৰণ কেন্দ্ৰত  নাম পঞ্জীয়ন কৰা লোকসকলক ভেক্‌চিন দিয়াৰ সুবিধা দিবলৈ কোৱা হৈছে৷ এতিয়া এই সুবিধা আৰম্ভ কৰা নকৰাটো ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিব৷ উল্লেখ্য যে কেইবাখনো ৰাজ্যত টিকাকৰণৰ বাবে নাম পঞ্জীয়ন কৰাৰ পাছত ভেক্‌চিন দিয়াৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে, কিন্তু নিৰ্ধাৰিত সময়ত লোকসকল অনুপস্থিত থকাত বৃহৎ পৰিমাণৰ ভেক্‌চিন নষ্ট হৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই নিৰ্দেশ দিয়ে৷ ইয়াৰ লগতে গ্ৰামাঞ্চলতো টিকাকৰণৰ বাবে লোকসকল সমস্যাৰ সন্মুখীন হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here