১৮ ঊৰ্ধ্বৰ ভেক্‌চিন দিয়াৰ শেষ সীমা কেতিয়া? What is the last date for vaccination of people above 18?

0
531
অহা ২৭ নৱেম্বৰৰ ভিতৰত ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে কভিড-১৯ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰখনে৷ সফলতাৰে এই লক্ষ্যত উপনীত হ’বৰ বাবে অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোট কেন্দ্ৰ এলেকাত ‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে৷ এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত ২১ নৱেম্বৰলৈ স্বাস্থ্য বিভাগে কভিড প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰত্যেক ভোট কেন্দ্ৰ এলেকাতে স্বাস্থ্য কৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটাকৈ দলে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে কভিড প্ৰতিষেধক গ্ৰহণৰ বিষয়ে জৰীপ চলাই ভোট কেন্দ্ৰভিত্তিক প্ৰতিবেদন দাখিল কৰিব৷ দ্বিতীয় পৰ্যায়ত অহা ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, বিধায়ক, সাংসদ আৰু মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত-সচিব, জিলাৰ উপায়ুক্তকে ধৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকলৰ প্ৰত্যেকেই একোটাকৈ ভোট কেন্দ্ৰ এলেকাত বাহৰ পাতি  সকলো যোগ্য লোকেই কমেও কভিড প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব৷ ২৭ নৱেম্বৰৰ ভিতৰতে ১০০ শতাংশ যোগ্য লোকক কভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য প্ৰাপ্তি সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা আৰু স্বাস্থ্য মন্ত্ৰী মহন্তই গুৱাহাটীৰ NHM-ৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এই ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে৷ এই ভিডিঅ’ কনফাৰেন্সতেই মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিজ নিজ জিলাত ১০০ শতাংশ কভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here