১৮ৰ ঊধৰ্বৰ সকলোকে বুষ্টাৰ ড’জ : ক’ত ? Booster dose to people above 18. Where?

0
1271
আমেৰিকাত ১৮ বছৰৰ ঊধৰ্বৰ সকলো লোককে কৰ’না ভাইৰাছৰ ভেক্‌চিনৰ বুষ্টাৰ ড’জ ল’বলৈ দিয়া হ’ব৷ দেশখনত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু শীতকালত যাতে ই অধিক ভয়াৱহ ৰূপ ল’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি  এই সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ লগতে দেশখনৰ ৫০ বছৰৰ ঊধৰ্বৰ সকলো লোককে কৰ’নাৰ ভেক্‌চিনৰ বুষ্টাৰ ড’জ ল’বলৈ আহ্বান জনোৱা হৈছে৷ আমেৰিকাৰ নতুন নিয়ম অনুসৰি দেশখনৰ ১৮ বছৰৰ ঊধৰ্বৰ যিকোনো ব্যক্তিয়ে অন্তিম ড’জ লোৱাৰ ছমাহৰ পাছত ফাইজাৰ বা মডাৰ্নাৰ বুষ্টাৰ ড’জ ল’ব পাৰিব৷ জনছন এণ্ড জনছনৰ এটা ড’জৰ ভেক্‌চিন লোৱাসকলে দুমাহৰ পাছত বুষ্টাৰ ড’জ ল’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here