১৮০ বছৰপৰ্যন্ত জীয়াই থাকিব : কেনেকৈ সম্ভৱ?

0
1897

আমেৰিকাৰ ব্যৱসায়ী তথা নিউয়ৰ্ক টাইম্‌ছৰ নিবন্ধকাৰ ডাভে এম্পেই নিজৰ শৰীৰৰ বন মেৰ’ৰ পৰা ষ্টেম চেল উলিয়াই পুনৰ সংৰোপণ কৰে৷ ইয়াৰ জৰিয়তে শৰীৰৰ জৈৱিক ঘড়ীক ওলোটাকৈ ঘূৰোৱাৰ বাবে বায়’হেকিং কৰা হয়৷ ইয়াৰ উদ্দেশ্য হ’ল তেওঁ ১৮০ বছৰ জীয়াই থকা৷ তেওঁৰ মতে, ভৱিষ্যতে এই প্ৰক্ৰিয়াটো ম’বাইল ফোনৰ দৰে মানুহৰ প্ৰিয় হৈ পৰিব৷ ৪৭ বছৰীয়া ডাভেই ২১৫২ চনলৈকে জীয়াই থকাৰ ইচ্ছা প্ৰকাশ কৰিছে৷ ইয়াৰ বাবে তেওঁ ক’ল্ড ক্ৰায়’থেৰাপী চেম্বাৰ আৰু বিশেষ ধৰণেৰে উপবাস কৰি আছে৷ তেওঁৰ মতে, কোনো লোকে যদি ৪০ বছৰতকৈ কম বয়সৰ এই প্ৰক্ৰিয়াৰ সহায় লয়, তেন্তে তেওঁ এশ বছৰ বয়সতো সুখী আৰু সক্ৰিয় হৈ থাকিব৷ ডাভেই এই প্ৰণালীৰ বাবে ইতিমধ্যে ৭.৪ কোটি টকা ব্যয় কৰিছে, যাতে নিজৰ শৰীৰৰ সম্পূৰ্ণ প্ৰণালীক উন্নত কৰি তুলিব পাৰে৷ তেওঁ কয় যে মই খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি, শোৱাৰ ধৰণ সলনি কৰি আৰু পৌঢ়তা প্ৰতিৰোধ কৰিব পৰা উপায় অৱলম্বন কৰি নিজকে এনেকুৱা কৰি তুলিছোঁ যে শৰীৰত ইনফ্লেমেশ্যন কম হয়৷ ষ্টেম চেল সংৰোপণৰ প্ৰসংগত তেওঁ কয় যে যেতিয়া আমি ডেকা হৈ থাকোঁ, তেতিয়া আমাৰ শৰীৰত কোটি কোটি ষ্টেম চেল থাকে৷ বয়স বাঢ়ি অহাৰ লগে লগে ষ্টেম চেলৰ সংখ্যাও কমি আহে৷ ডাভেই ক্ৰায়’থেৰাপীৰ সহায় লয়৷ এই থেৰাপীৰ জৰিয়তে শৰীৰৰ ক্ষতিগ্ৰস্ত হোৱা পেশীসমূহৰ কম তাপমাত্ৰাত চিকিৎসা কৰা হয়৷ উল্লেখ্য যে ১৭ বছৰ আগতে হিমালয়ত পৰ্বতাৰোহণ কৰা অৱস্থাত ডাভেৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ তেতিয়া তেওঁক য়াকৰ গাখীৰৰ চাহ খুওৱা হৈছিল আৰু তেওঁ ইয়াৰ পৰা নতুন শক্তি লাভ কৰিছিল৷ ইয়াক ভিত্তি কৰিয়েই তেওঁ আমেৰিকাত বুলেটপ্ৰুফ কফি আৰম্ভ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here