১৬ অক্টোবৰ : বিশ্ব এনাস্থেছিয়া দিৱস

0
1491

অস্ত্রোপচাৰৰ সময়ত এক প্রক্রিয়া বা ঔষধৰ দ্বাৰা ৰোগীক অচেতন কৰি ৰখা হয় যাতে অস্ত্রোপচাৰৰ সময়ত কোনো ৰোগীয়ে যাতে কোনো ধৰণৰ বিষ-ৰোগ আদিৰ ভু নাপায়|লগতে ৰোগীয়ে যাতে কোনো পাৰ্শ্বক্রিয়াৰ ফল নোভোগে| এনাস্থেছিয়া সাধাৰণতে দুই প্রকাৰেৰে প্রয়োগ কৰা হয়| সাধাৰণ এনাস্থেছিয়্ আৰু আংশিক এনাস্থেছিয়া| সাধাৰণ এমাস্থেছিয়াৰ ক্ষেত্রত এজন ৰোগীৰ জ্ঞান সম্পূৰ্ণভাৱে লোপ পায়|আনহাতে আংশিক এনাস্থেছিয়াৰ ক্ষেত্রত ৰোগীৰ যি অংশৰ অস্ত্রোপচাৰৰ প্রয়োজন সেই অংশহে অসাৰ হৈ পৰে|

১৮৪৬ চনৰ ১৬ অক্টোবৰৰ দিনা বষ্ঠন চহৰত প্রথমে এনাস্থেছিয়াৰ গৱেষণা আৰম্ভ হৈছিল| আমেৰিকাৰ এখন চিকিৎসালয়ত অস্ত্রপচাৰৰ সময়ত এনাস্থেছিয়াৰ সফল ব্যৱহাৰ কৰা হয় বুলি জনা যায়| পৰৱৰ্তী সময়ত ই মানৱ দেহত প্রয়োগৰ উপযোগী হৈ উঠে|
সেয়ে ১৬ অক্টোবৰৰ দিনটো পৰৱৰ্তী সময়ত বিশ্ব এনাস্থেছিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে|
চিকিৎসাবিজ্ঞানৰ অগ্রগতিৰ লগে লগে এনাস্থেছিয়া সম্পৰ্কীয় গৱেষণা দ্রুত উন্নতি হৈছে| সম্প্রতি এনাস্থেছিয়াৰ প্রয়োগৰ ক্ষেত্রত অতি নিৰাপদ তথা নিখুঁত প্রক্রিয়া আৰম্ভ হৈছে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here