১৫ মাৰ্চৰ পৰা নাগপুৰত লকডাউন

0
1313

দেশৰ কিছুমান ৰাজ্যত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ সৃষ্টি হোৱাৰ ফলত নতুনকৈ বহু লোক পুনৰ কৰ’নাত আক্ৰান্ত হৈছে৷ তাৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰতো কভিড-১৯ ৰ সংক্ৰমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে কৰ’না ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নাগপুৰ মহানগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ১৫ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কঠোৰ লকডাউন বলৱৎ কৰা হ’ব৷ নাগপুৰ পৌৰ নিগমৰ অঞ্চলৰ উপৰি চুবুৰীয়া কাম্পটি, কোবাদি আৰু হিংনা আদিৰ দৰে নগৰবোৰতো লকডাউন বলৱৎ কৰা হ’ব৷ লকডাউনৰ সময়ছোৱাত কেৱল জৰুৰী সেৱাসমূহহে মুকলি থাকিব৷ তাৰ ভিতৰত গ্ৰচাৰি, গাখীৰ, শাক-পাচলিৰ দোকানসমূহ খোলা থাকিব৷ নাগপুৰ চিটি আৰক্ষী কমিছনাৰেটৰ অধীনস্থ সকলো অঞ্চলতে এই লকডাউন বলৱৎ হ’ব৷ উল্লেখ্য যে নাগপুৰ মহানগৰত যোৱা ২৪ ঘণ্টাত ১৮০০ ৰো অধিক কভিড-১৯ ৰোগী চিনাক্ত কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here