১৫ আগষ্টৰ পাছত সান্ধ্য আইন শিথিল হ’ব: ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী

0
1138
কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা নীতি-নিৰ্দেশনাসমূহ পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব৷ অহা ১৫ আগষ্টৰ পাছত সান্ধ্য আইন অধিক শিথিল কৰাৰ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃজিলা যাতায়াত ব্যৱস্থাও মুকলি কৰা হ’ব পাৰে৷  এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ ৰাজ্যত কৰ’নাই সৃষ্টি কৰা পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে বুলি জনাই তেওঁ কয় যে পৰিস্থিতি উন্নত হৈছে বুলিয়েই সকলো মুকলি কৰি দিব নোৱাৰি৷ পৰ্যায়ক্ৰমেহে বাধা নিষেধসমূহ প্ৰত্যাহাৰ কৰা হ’ব৷  তেওঁ লগতে কয় যে ১৫ আগষ্টৰ পাছত সান্ধ্য আইন অধিক শিথিল কৰিব পৰা যাব৷ আনহাতে আন্তঃজিলা যাতায়াত মুকলি কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰীৰ ওচৰত সকলো তথ্য-পাতি দাখিল কৰাৰ পাছত চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰীয়েহে ল’ব বুলি জানিবলৈ দি তেওঁ কয় যে ১৫ আগষ্টলৈকে এই ক্ষেত্ৰত অপেক্ষা কৰিব লাগিব৷ আনহাতে বিদ্যালয় খোলাৰ সন্দৰ্ভত মন্ত্ৰী মহন্তই কয় যে বিদ্যালয় খোলাৰ পূৰ্বে শিক্ষকসকলে দুটাকৈ ভেক্‌চিন লোৱাটো নিশ্চিত কৰিব লাগিব৷ কিয়নো ১৮ বছৰৰ তলৰসকলক এতিয়ালৈকে ভেক্‌চিন দিয়া হোৱা নাই৷ সকলো দিশ চালি-জাৰি চাইহে শিক্ষানুষ্ঠান মুকলি কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব বুলি জনাই তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানসমূহ যাতে খুলিব পৰা যায়, তাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক ভেক্‌চিন প্ৰদানত স্বাস্থ্য বিভাগে অগ্ৰাধিকাৰ দিছে৷ স্বাস্থ্য মন্ত্ৰীজনে কয় যে সম্প্ৰতি ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ হাৰ এক শতাংশ তললৈ হ্ৰাস পাইছে৷ যিটো অত্যন্ত ইতিবাচক খবৰ৷ একেদৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে৷ ইফালে কৰ’নাৰ তৃতীয়টো ঢৌ আহিলেও যুঁজ দিয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু হৈ আছে বুলি মত ব্যক্ত কৰি মহন্তই কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি এতিয়া বহুত উন্নত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here