১৩ মে’ৰ পৰা ৰাজ্য চৰকাৰৰ কভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি

0
1417


ৰাজ্যত ভয়ংকৰভাৱে অৱনতি ঘটিছে কভিড পৰিস্থিতিৰ৷ চৰকাৰে সংক্ৰমণ ৰোধ কৰিবৰ বাবে যথেষ্ট কঠোৰ নীতি-নিয়ম জাৰি কৰিছে যদিও একাংশ লোকে সকলো কভিড প্ৰট’কল উলংঘা কৰি অহাৰ বাবেই সংক্ৰমণ অব্যাহত আছে৷ ৰাজ্যত কভিড পৰিস্থিতিৰ অধিক অৱনতি ঘটাত ১২ মে’ত খানাপাৰাৰ ষ্টাফ কলেজত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে যুটীয়াভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ উক্ত সংবাদমেলত ৰাজ্যত ১৩ মে’ৰ পৰা প্ৰযোজ্য হোৱাকৈ কভিডৰ কিছুমান কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷

কি কি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে চাওঁ আহক–
১)
চহৰ অঞ্চলত চহৰ-নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১ বজাৰ পাছত বন্ধ কৰিব লাগিব৷ আনহাতে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা ফিৰা নিষেধ কৰা হৈছে৷ গ্ৰাম্য অঞ্চলসমূহত দিনৰ ২ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব৷ এই অঞ্চলসমূহত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা ফুৰা নিষেধ৷

২) সকলো সাপ্তাহিক বজাৰ, হাট অহা ১৫ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব৷

৩) বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলো শিক্ষানুষ্ঠানৰ শ্ৰেণীসমূহ অহা ১৫ দিনলৈ সম্পূৰ্ণ বন্ধ থাকিব৷

৪) হোটেল, ৰেস্তোৰাঁ, ধাবা আদি কেৱল দিনৰ ১ বজালৈকেহে খোলা ৰাখিব পাৰিব৷ ইয়াৰ পাছত হোটেলৰ আৱাসীসকলৰ নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব লাগিব৷

৫) সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অহা ১৫ দিনৰ বাবে বন্ধ থাকিব৷ চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব পাৰিব৷ এই কাৰ্যায়সমূহ কেৱল দিনৰ ১ বজালৈহে খোলা থাকিব৷

৬) যদিহে কোনো অঞ্চলত কভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেন্তে তেনে অঞ্চলসমূহ জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব৷

৭) বিবাহ অনুষ্ঠান, শেষকৃত্য অনুষ্ঠানত কেৱল ১০জনৰ উপস্থিতিত সম্পন্ন কৰিবলৈ অনুমতি দিয়া হৈছে৷ সকলো ধৰ্মীয় প্ৰতিষ্ঠান, উপাসনাস্থলী আদি ১৫ দিনৰ বাবে বন্ধ থাকিব৷ মূল পুৰোহিত বা মৌলবীয়ে ন্যূনতম ধৰ্মীয় কৰ্মসমূহ সম্পাদন কৰিব পাৰিব৷

৮) সকলো ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্ৰীৰেহে যাতায়াত কৰিব পাৰিব৷

৯) সকলো অফলাইন পাঠদান ১৫ দিনলৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে৷

১০) অটোৰিক্সা, টেক্সি, কেব আদিত চালকক ধৰি মাত্ৰ দুজন যাত্ৰীহে কঢ়িয়াব পাৰিব৷ দুচকীয়া বাহনৰ ক্ষেত্ৰত মাত্ৰ এজন যাব পাৰিব৷ শিশু আৰু মহিলাৰ ক্ষেত্ৰত উক্ত নিয়ম প্ৰযোজ্য নহয়৷

১১) চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈ যুগ্ম-অযুগ্ম হিচাপত চলাব পাৰিব৷

১২) বেংক, ডাকঘৰসমূহৰ কাম ১ বজাত সামৰিব লাগিব৷ এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব৷ আনহাতে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ব্যক্তি, ফাৰ্মাচী, গ্ৰোচাৰি আদিৰ ক্ষেত্ৰত উক্ত নিয়মসমূহ প্ৰযোজ্য নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here