১২০ বছৰৰ পাছত কি দেখা গ’ল মাগুৰী মতাপুং বিলত?

0
1292

দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বাবে বিশ্বখ্যাত মাগুৰী মতাপুং বিল পুনৰ চৰ্চালৈ আহিছে৷ এটা হাঁহজাতীয় পক্ষীয়ে এতিয়া সমগ্ৰ দেশৰ পক্ষীবিদকে ধৰি পক্ষী নিৰীক্ষকসকলৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে৷ কিয়নো, এই মাগুৰী মতাপুং বিলত যোৱা ৮ ফেব্ৰুৱাৰীত দেখা পোৱা গ’ল এটা মতা মেণ্ডাৰিন ডাক৷ অসমীয়াত সুন্দৰী হাঁহ বুলি জনা যায়৷ স্থানীয় পক্ষী নিৰীক্ষক বিনন্দ হাতীবৰুৱাৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা পক্ষী নিৰীক্ষণ কৰিবলৈ অহা এটা দলে বিলখনত পক্ষী নিৰীক্ষণৰ মাজতে হঠাতে এই বিৰল মেণ্ডাৰিন ডাকটো প্ৰত্যক্ষ কৰে৷ এই মেণ্ডাৰিন ডাকটো তিনিচুকীয়াত প্ৰায় ১২০ বছৰৰ পাছত প্ৰত্যক্ষ কৰা হৈছে৷ মেণ্ডাৰিন ডাক ইষ্টাৰ্ন চিচুৱান আৰু ছাউডাৰ্ন গনছৰ দূৰৈৰ পশ্চিম দিশৰ পৰা পৰিভ্ৰমণ কৰি বংশ বৃদ্ধিৰ বাবে ইষ্টাৰ্ন ৰাছিয়া, কোৰিয়া, জাপান আৰু নৰ্থ ইষ্টাৰ্ন পাৰ্ট অব্‌ চীনলৈ গতি কৰে৷ ভাৰতত এই প্ৰজাতি প্ৰত্যক্ষ কৰা খূব কম ৰেকৰ্ড আছে৷ ১৯০১ বা ১৯০২ চনত তিনিচুকীয়াৰ ৰঙাগড়াৰ ডিব্ৰু নৈত এটা প্ৰত্যক্ষ কৰা হৈছিল৷ ইয়াৰ পাছৰ লখিমপুৰ জিলাৰ সোৱণশিৰি নৈত ৬টা প্ৰত্যক্ষ কৰাৰ ৰেকৰ্ড আছে৷ কিন্তু বাক্‌সাত সুদীৰ্ঘ ১১২ বছৰৰ পাছত অসমত পুনৰবাৰ এই প্ৰজাতিৰ এজনী মাইকী প্ৰত্যক্ষ কৰাটো প্ৰথম গ্ৰহণযোগ্য ৰেকৰ্ড৷ দেখিবলৈ অতি সুন্দৰ ইয়াৰ অসমীয়াত সুন্দৰী হাঁহ বুলি জনা যায়৷ প্ৰত্যক্ষ কৰা এই হাঁহটো বৰ্তমানেও মাগুৰী মতাপুঙতে আছে৷ উল্লেখ্য যে পক্ষীৰ বাবে অতি অনুকূল এই বিলখনত অলপতে এক দুৰ্যোগ নামি আহিছিল৷ কাষতে থকা এটা তেলখাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত বহু ক্ষতি হৈছিল যদিও ইয়াৰ পূৰ্বৰ বাতাৱৰণ পুনৰ ঘূৰি আহিবলৈ ধৰিছে৷ এই বিলখন যাতে পক্ষীৰ বাবে চিৰদিন অনুকূল হৈয়ে থাকে, তাৰ বাবে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰাটো কামনা কৰে পক্ষীপ্ৰেমীসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here