১০ বছৰত ৫ কোটি লোকৰ প্ৰাণ ৰক্ষাত বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুত্ব

0
1038


কৰ’না ভাইৰাছৰ মহামাৰীয়ে অন্যান্য ৰোগৰ বিৰুদ্ধে টিকাকৰণ অভিযান সমগ্ৰ বিশ্বত গুৰুতৰভাৱে বিঘ্নিত কৰাৰ পাছত বসন্ত আৰু আন ৰোগবোৰৰ বিৰুদ্ধে টিকাকৰণ বৃদ্ধি কৰিবৰ বাবে ব্যৱস্থা ল’বলৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ আৰু ইয়াৰ অংশীদাৰ সংস্থাসমূহে আহ্বান জনাইছে৷ বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ আৰু ভেক্‌চিন মিত্ৰ ‘গাভি’ (Gavi)য়ে কয় যে কভিড-১৯ মহামাৰীৰ বাদে আন ৰোগবোৰৰ বিৰুদ্ধে টিকাকৰণৰ বাবে তেওঁলোকে এটা নতুন আন্তঃৰাষ্ট্ৰীয় কৌশল প্ৰস্তুত কৰিছে আৰু সেইটো কাৰ্যকৰী কৰিলে এক দশকতকৈও কম সময়ত, ২০৩০ চনৰ ভিতৰত ৫ কোটি লোকৰ প্ৰাণ ৰক্ষা পৰাৰ সম্ভাৱনা আছে৷ এটা বিবৃতিত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে কয় যে ‘আমি যদি বসন্ত (মিজল্‌ছ), য়েল’ ফিভাৰ আৰু ডিপথেৰিয়াৰ দৰে প্ৰাণ নাশৰ আশংকা থকা ৰোগবোৰৰ একাধিক প্ৰাদুৰ্ভাৱ এৰাই চলিবলৈ বিচাৰোঁ তেন্তে বিশ্বৰ প্ৰতিখন দেশত নিয়মীয়া টিকাকৰণ সেৱাক সুৰক্ষা দিয়াটো নিশ্চিত কৰিব লাগিব৷’ উল্লেখ্য যে কভিড-১৯ মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বত অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাত বিঘিনি ঘটিছে৷ যোৱা বছৰতকৈ এই বছৰ পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ এটা জৰীপৰ পৰা দেখা গৈছে যে এক তৃতীয়াংশতকৈও অধিক দেশত নিয়মীয়া টিকাকৰণ সেৱা এতিয়াও ব্যাহত হৈ আছে৷ ৫০খন দেশত প্ৰায় ৬০টা গণ টিকাকৰণ অভিযান পিছুৱাই দিয়া হৈছে৷ ফলত ঘাইকৈ শিশুসকলকে ধৰি প্ৰায় ২২ কোটি ৮০ লাখ লোক বসন্ত আৰু পলিঅ’ৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই দেখা দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here