হোলী, ৰঙালী বিহু উদ্‌যাপনত কেন্দ্ৰৰ প্ৰতিবন্ধকতা আৰোপ

0
1214

দেশত কভিড-১৯ ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহুকেইখন ৰাজ্য চৰকাৰে আগন্তুক হোলী, বিহু, ঈদ, নৱৰাত্ৰি, ছবে বৰাতৰ দৰে উৎসৱবোৰৰ সময়ত কিছুুমান প্ৰতিবন্ধকতা জাৰি কৰিছে৷ উৎসৱবোৰৰ উপৰি আন যিকোনো ধৰণৰ সমাৱেশো নিষিদ্ধ কৰা হৈছে৷ ৰাজ্য চৰকাৰসমূহে কৰ’না ভাইৰাছৰ টেষ্টিং, বিশেষকৈ ৰাজ্যৰ বাহিৰৰ পৰা অহাসকলৰ বৃদ্ধি কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ দিয়া এখন পত্ৰত হোলী, ৰঙালী বিহু, নৱৰাত্ৰি, ঈদ আদিৰ দৰে সমাগত উৎসৱ-পাৰ্বণবোৰৰ সময়ত ৰাজহুৱা স্থানত সমাৱেশত স্থানীয়ভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে চিন্তা কৰিবলৈ আৰু সেই মতে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে৷ ৰাজহুৱা স্থান, ৰাজহুৱা উদ্যান, ৰাজহুৱা খেলপথাৰ, বজাৰ, ধৰ্মীয় স্থান আদিত ৰাজহুৱাভাৱে হোলী পালনত অনুমতি দিয়া নহ’ব৷ একেদৰে তেনেবোৰ ৰাজহুৱা স্থানত নৱৰাত্ৰি, ছবে বৰাত আদি অনুষ্ঠিত বা পালন কৰিবলৈও অনুমতি দিয়া নহ’ব৷ উল্লেখ্য যে দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫১ ২২নং ধাৰাৰ অধীনত এই উৎসৱসমূহ উদ্‌যাপনৰ ক্ষেত্ৰত স্থানীয় প্ৰতিবন্ধকতা আৰোপত কতৃৰ্ত্ব কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰক প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ আনহাতে গুজৰাট আৰু হাৰিয়ানা ৰাজ্য আৰু পুনে মহানগৰত ৰাজহুৱা স্থানত উৎসৱ পালন নিষেধ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here