হোলীৰ ৰঙৰ পৰা শৰীৰক কিদৰে সুৰক্ষা দিব?

0
1490

আৰু মাত্ৰ কেইদিনমানৰ অপেক্ষাৰ অন্তত হোলী আহি আমাৰ পদূলিমুখত উপস্থিত হওঁ হওঁ৷ বৰ্তমান সময়ত কৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত হোলীৰ উন্মাদনা কিছু ম্লান পৰাৰ সম্ভাৱনা আছে যদিও কিছু নীতি-নিয়মৰ মাজেৰে, একেবাৰে নিকটাত্মীয়ৰ সৈতে, ওচৰ-চুবুৰীয়া বা ঘৰুৱাভাৱে হোলী উদ্‌যাপন কৰি পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিব৷ সেয়েহে হোলী উদ্‌যাপনৰ সময়ত আমাৰ ছাল, চুলিৰ কাৰণে ল’বলগীয়া কিছুমান সাৱধানতাৰ বিষয়ে জানো আহক–

হোলী খেলাৰ আগতে কি কৰিব :
(১) ছানস্ক্ৰীন লগাবলৈ ভুলতো নাপাহৰিব– হোলী খেলোতে কেমিকেলযুক্ত ৰঙৰ বাবে ছালৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবে হোলী খেলাৰ আগতে ছানস্ক্ৰীন লগাব৷ নহ’লে ৰঙত থকা কেমিকেলৰ কাৰণে ছালৰ এলাৰ্জিৰ দৰে সমস্যাই দেখা দিব পাৰে৷


(২) ছানগ্লাছ, টুপী পিন্ধি লওক– হোলী খেলিবলৈ যাওঁতে আমি ছানগ্লাছ আৰু টুপী পৰিধান কৰিহে যাব লাগে৷ কিয়নো, ফাকুগুড়ি বা অন্য ৰাসায়নিক দ্ৰব্যই যাতে চকুযুৰিক স্পৰ্শ কৰিব নোৱাৰে৷ তাৰ লগতে চুলিক ফাকুগুৰিৰ পৰা ৰক্ষা কৰিবলৈ টুপী পিন্ধাটো আৱশ্যক৷ ইয়াৰ উপৰি গোটেই গা ঢকাকৈ কাপোৰ পৰিধান কৰিহে আমি হোলী খেলিব লাগে৷


(৩) চুলিত নাৰিকলৰ তেল লগাওক– হোলী খেলাৰ সময়ত ছালৰ লগতে চুলিৰো যথেষ্ট ক্ষতি হ’ব পাৰে৷ ইয়াৰ ফলত চুলি ৰুক্ষ আৰু নিৰ্জীৱ হৈ পৰিব পাৰে৷ সেইবাবে হোলী খেলাৰ আগতে চুলিকোছাত ভালদৰে নাৰিকলৰ তেল লগাই লওক, যাতে হোলীৰ ৰং চুলিত লাগি নধৰে আৰু লাগিলেও পিছলি যায়৷


(৪) ওঁঠত পেট্ৰলিয়াম জেল লগাওক– সাধাৰণতে হোলীৰ ৰঙৰ দাগ ওঁঠত লাগিলে সহজে নাযায়৷ ওঁঠৰ উপৰি শৰীৰৰ কোনো অংশতে কেমিকেলৰ দাগ লাগিলে যিমান ঘঁহিলেও সহজে নাযায়৷ লাগিলে গাৰ মাখিচালেই ছিঙি নাযাওক কিয়৷ এনেবোৰ দাগ গুচাবলৈ নানা চেষ্টা কৰিও বিফল হ’ব লগা হয়৷ যাৰ ফলত ছালখনৰো ক্ষতি হয়৷ এই ক্ষেত্ৰত হোলীৰ ৰঙৰ দাগ নালাগিবলৈ বিশেষকৈ ওঁঠ, হাত, গাৰ অংশত পেট্ৰলিয়াম জেল ঘঁহি লওক– হোলী খেলাৰ আগমুহূৰ্ততত৷ তেনে কৰিলে সগজে দাগ নালাগে৷


(৫) মহিলাসকলে নেইল পলিচ লগাওক– হোলী খেলোতে হোলীৰ ৰঙৰ কেমিকেলৰ দাগ নখৰ ভিতৰত সোমাই লাগি ধৰে৷ আৰু পাছলৈ নখবোৰ দেখিবলৈ কুৎচিৎ হয় লগতে এনে অৱস্থাত কিবা বস্তু খাওঁতে খোৱা খাদ্যৰ লগত কেমিকেল পেটলৈ সোমাই যায়৷ ইয়াৰ ফলত পেটৰ নানা উপসৰ্গই দেখা দিব পাৰে৷ খেলাৰ আগতে নেইল পলিচ লগালে নখবোৰত কেমিকেল লাগি নধৰে৷ ফলত আমাৰ পেটৰো কোনো সমস্যা নহয়৷

হোলী খেলাৰ পাছত কিদৰে ৰং গুচাব:
(১) তেলৰ সহায়ত ৰং পৰিষ্কাৰকৰণ– হোলী খেলাৰ পাছত ছাল আৰু চুলিৰ হোলীৰ ৰং কিদৰে গুচাব, সেই লৈ এটা দুশ্চিন্তা থাকে৷ কিন্তু এনেধৰণৰ চিন্তাৰ কোনো কাৰণ নাই৷ ইয়াৰ বাবে আপুনি অলপ যত্ন ল’লেই সমস্যাটোৰ সমাধানৰ বাট ওলাব৷ ৰং গুচাবলৈ ছালখন কেতিয়াও জোৰকৈ নঘঁহিব৷ বেছিকৈ ঘঁহিলে আপোনাৰ ছাল ছিঙি গৈ আন এটা সমস্যাৰহে সৃষ্টি কৰিব পাৰে৷ সেয়ে ইয়াৰ পৰিত্ৰাণৰ বাবে অলপ অলিভ অইল বা জোজোবা তেল কটনত লগাই ৰং লগা ঠাইখিনিত লাহে লাহে ঘঁহি থাকক৷ অলপ সময়ৰ পাছতে দেখিব ৰংবোৰ ক্ৰমান্বয়ে যাবলৈ ধৰিছে৷


(২) চুলি কণ্ডিশ্যনিং কৰিবলৈ নাপাহৰিব – সাধাৰণতে আমি সকলোৱে হোলী খেলি আহি গা-মূৰ ধোৱাৰ লগতে চুলিও ছেম্পু কৰি লওঁ৷ দেখা যায় যে হোলী খেলি আহি বহুতেই চুলিত কণ্ডিশ্যনিং কৰাটো জৰুৰী বুলি নাভাবে৷ মনত ৰাখিব, হোলী খেলি উঠি চুলিকোছাত ছেম্পু কৰাৰ লগতে কণ্ডিশ্যনিং কৰাটো অত্যন্ত দৰকাৰী৷ কিয়নো চুলিৰ গুৰিত লাগি ধৰা ৰঙবোৰ একমাত্ৰ কণ্ডিশ্যনিং কৰাৰ ফলতহে যাব, অন্যথা কেমিকেলযুক্ত ৰংবোৰ চুলিৰ গুৰিত লাগি থাকি আপোনাৰ চুলিৰ নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷


(৩) ছালখন মইশ্বাৰাইজ কৰক– বিভিন্ন উপায় প্ৰয়োগ কৰি হোলীৰ ৰঙৰ দাগবোৰ যোৱাৰ পাছত ছালখন মইশ্বাৰাইজ কৰাটো খুবেই জৰুৰী৷ দাগবোৰ যোৱাৰ পাছতে ছালখন মইশ্বাৰাইজ কৰিব লাগে৷ মইশ্বাৰাইজ কৰিলে ছালখন ৰুক্ষ নহয় আৰু ছালখনত পুনৰ নৰম অৱস্থাপ্ৰাপ্ত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here