হোলীৰ পাছত ছালখনৰ যতন কেনেকৈ ল’ব?

0
1410
কেমিকেলযুক্ত ৰঙৰ প্ৰভাৱ আমাৰ ছালখনৰ ওপৰত বাৰুকৈয়ে পৰে৷ আমি ফাকুৱা, মেজেণ্টা আদিৰে ইজনে সিজনক ৰং সানি হোলী উদযাপন কৰোঁ ঠিকেই, কিন্তু ইয়াৰ পাছত আমাৰ ছালখনৰ খজুৱতি, ড্ৰাই স্কিন আদিৰ সমস্যাই ছালখনৰ উজ্জ্বলতা নাইকিয়া কৰে৷ সেই কাৰণে ছালখনৰ পৰা ফাকুৱাৰ ৰঙৰ বিৰূপ প্ৰভাৱ আঁতৰাবলৈ কমেও পাঁচদিন ছালৰ বিশেষভাৱে যতন ল’ব লাগে৷ ইয়াৰ বাবে ঘৰতে অলপ যত্ন লৈ আপুনি আপোনাৰ ছালখনৰ উজ্জ্বলতা পুনৰ ঘূৰাই আনিব পাৰে৷

(১) আটা, বেচন নাইবা চাউলৰ গুৰিৰ সৈতে দৈ মিশ্ৰণ কৰি লগাব পাৰে৷ নাইবা অকল দৈৰেও ছালখন মাচাজ কৰিলে ছালখনৰ ড্ৰাইনেছ দূৰ হয়৷


(২) দিনত দুবাৰ মুখখন বাদাম তেলেৰে মালিচ কৰক৷ ইয়াৰ ফলত ছালৰ ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি হোৱাত সহায়ক হয় আৰু সোনকালে ছালখনো হেল্‌থি হ’ব৷


(৩) পকা কল এটা ফেনেকি তাত এচামুচ চন্দন পাউডাৰ আৰু এচামুচ গোলাপ জল মিশ্ৰণ কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক৷ এতিয়া এই পেষ্টটো ২০-২৫ মিনিট লগাই মুখখন ধুই দিয়ক৷ এনেদৰে ৪-৫ দিন কৰিলেই সুফল লাভ কৰিব৷


(৪) ৰাতি শোৱাৰ সময়ত মুখখন ভালদৰে ধুই এলোভেৰা জেল লগাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here