হুইস্কি শৰীৰৰ কাৰণে ভালনে?

0
1024


বৰ্তমান যুগত সুৰাপান সেৱন যেন মানৱ সমাজত অভিশাপ স্বৰূপে গঢ় লৈ উঠিছে৷ সৰুৰ পৰা বয়স্ক লোকলৈ সকলোৱে সুৰাপানক ফেশ্বন হিচাপে মানিবলৈ লৈছে৷ সুৰাপান নকৰিলে যেন তেওঁলোকৰ ষ্টেণ্ডাৰ্ড নোহোৱা হয়৷ আজিকালিতো এই ক্ষেত্ৰত মহিলাসকলেও পিছপৰি থকা নাই৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ পৰিসংখ্যা অনুসৰি ২০১৯-২০ চনত মহিলাই মদ্যপান কৰাৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম৷ তেন্তে আপুনি নিজেই ভাবি চাওক বৰ্তমান সময়ত সুৰাৰ চাহিদা কিমান৷ ইয়াৰ সেৱনৰ দ্বাৰা বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগাৰ লগতে সুৰাৰ নিচাত কিমান পৰিয়াল ধবংস হৈ গৈছে, তাৰ হিচাপ নাই৷ কিন্তু এলকহল সেৱন শৰীৰৰ কাৰণে বেয়া জানো?সম্প্ৰতি ‘আমেৰিকান ছ’চাইটি অব ক্লিনিকেল নিউট্ৰিশ্যন’ৰ এক গৱেষণাই দাবী কৰিছে যে শৰীৰৰ কাৰণে হুইস্কি ভাল৷

হুইস্কিত প্ৰচুৰ পৰিমাণে ফচফৰাছ, ভিটামিন-বি১, জিংক, আইৰন, ভিটামিন-বি৩ ৰ লগতে ইলাজিক এচিড আৰু বেৰিজত পোৱা এণ্টিঅক্সিডেণ্ট থাকে৷ গৱেষণাৰ মতে এই ইলাজিকে কেঞ্চাৰৰ কোষ ধবংস কৰাৰ লগতে টিউমাৰৰ বিকাশত বাধা প্ৰদান কৰে৷ উল্লেখ্য যে ১৬ শতিকাত স্কটলেণ্ডত ফাৰ্মাচিষ্টসকলে হুইস্কিক গাঁঠিৰ বিষ, শ্ল’ এজিং আদি বেমাৰত টনিক হিচাপে বিক্ৰী কৰিছিল৷ আমেৰিকান প্ৰ’হেবিশ্যনৰ সময়ত নিউম’নিয়া, উচ্ছ ৰক্তচাপ, টিউবাৰকুল’ছিছ আদিত চিকিৎসকে হুইস্কি লোৱাৰ পৰামৰ্শ দিছিল৷অৱশ্যে ইয়াৰ পৰিমাণ অধিক হ’লে বিপদত পৰিব পাৰে৷ হুইস্কিত প্ৰচুৰ পৰিমাণে পলিফেনল থাকে, যিয়ে ষ্ট্ৰ’ক, হাৰ্ট এটেক আদি সমস্যা হোৱাৰ সম্ভাৱনা ৫০ শতাংশ কমাব পাৰে আৰু কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ আমেৰিকা এদল গৱেষকে চলোৱা গৱেষণা অনুসৰি গৰম পানীৰ সৈতে নামমাত্ৰ হুইস্কি মিহলাই খালে কাহ, ডিঙিৰ বিষ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি লগতে ই শৰীৰ গৰম কৰি ৰাখে যাৰ ফলত ইয়াৰ সেৱনৰ দ্বাৰা শৰীৰ এনাৰ্জি বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here