হিয়াৰ আমঠু ৰঙালী বিহুটি আমাৰ পদূলিমুখত

0
1456

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ এটা দিন বাকী৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ বিহু মঞ্চত চমক দিবৰ বাবে এইবাৰ সাজু হৈছে বিভিন্ন শিল্পীও৷

চাওঁতে চাওঁতে আমাৰ হিয়াৰ আমঠু, অতিকে আদৰৰ-হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখত উপস্থিত হ’লহি৷ বিহু আমাৰ জাতীয় উৎসৱ৷ বিহু অসমীয়া জাতিৰ প্ৰাণস্বৰূপ৷ জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ সিৰাই সিৰাই প্ৰবাহিত হৈ আছে বিহুৰ অস্তিত্ব৷ বিহুক বাদ দি অসমীয়া জাতিৰ কথা কল্পনাই কৰিব নোৱাৰি৷ অসমত পালিত তিনিওটা বিহুৰ ভিতৰত ৰঙালী বিহুটি সকলোৰে অতি আদৰৰ, অতি হেঁপাহৰ৷ 

মানুহৰ লগতে প্ৰকৃতিও ব’হাগ বিহুত ন-ৰূপেৰে ন-সাজ পিন্ধে৷ বিৰিখৰ ন-সেউজ আৱৰণ আৰু বহু অপেক্ষাকৃত বৰষুণজাকে আমাৰ মনত যোগাই তোলে আনন্দৰ নৱ-জোৱাৰ৷
ঋতু আহে, ঋতু যায়– বছৰ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে৷ প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি অনুপম শৈলীৰ তুলনা নাই৷ চ’ত মাহ শেষ হওঁ হওঁ, এনে সময়ত প্ৰকৃতিয়ে ৰূপ সলাই নতুন ৰূপ লয়৷ লঠঙা গছজোপায়ো যেন ন- কুঁহিপাত মেলি ন-ৰূপত ব’হাগ অহাৰ বতৰা দিয়ে৷ সেই ন-কুঁহিপাতৰ আঁৰত কপৌজনীয়ে সুমধুৰ সুৰৰ মূৰ্ছনা তোলে৷ ইফালে গাঁৱৰ গাভৰুজনীৰ দেহ-মন সাতখন-আঠখন৷ হেন সময়তে মৰমৰ দীঘ আৰু চেনেহৰ বাণিৰে নিজ হাতেৰে চেনাইলৈ বুলি দিন-ৰাতি একাকাৰ কৰি তাঁতশালত বাচকবনীয়া বিহুৱান ব’বলৈ ধৰে৷ তাঁতশালৰ খিট্‌খিট্‌নি শৱদত গাঁওখনত ব’হাগৰ আগমনৰ লহৰ তোলে৷ ডেকাবোৰে বিহুক আদৰিবলৈ ঢোল, পেঁপা, গগনা আদি লৈ গাঁৱৰে কোনো এঘৰত বিহুৰ আখৰা কৰে৷ ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিতি টিহিতি মাতত গোটেই গাঁওখনেই ৰজনজনাই থাকে৷ অসমীয়া লোকাচাৰ অনুসৰি গৃহস্থই গৰু বিহু দিনা গৰুৰ গা ধুৱাবলৈ লাউ, বেঙেনা, দীঘলতী, মাখিয়তী, হালধি আদি বিচৰাত ব্যস্ত হয়৷
কভিডৰ আতংকৰ মাজতে অসম আৰু অসমীয়াৰ দুৱাৰডলিত পুনৰ উপস্থিত হ’লহি বাপতি সাহোন ৰঙালী বিহু৷ যোৱা বছৰ কভিড পৰিস্থিতিৰ বাবে ৰাজ্যত ব’হাগ বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা অসমীয়াৰ মাজত এইবাৰ ৰঙালীক আদৰিবৰ বাবে পাৰভঙা উছাহ পৰিলক্ষিত হৈছে৷ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ এটা দিন বাকী৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ বিহু মঞ্চত চমক দিবৰ বাবে এইবাৰ সাজু হৈছে বিভিন্ন শিল্পীও৷ শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণৰ সতৰ্কতাস্বৰূপে বিহু সন্মিলনীত সম্ভাব্য বৃহৎ জনসমাগমৰ বাবে ৰাজ্যত কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাত এছ অ’ পি জাৰি কৰিছে চৰকাৰে৷ ইয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু সন্মিলনী আয়োজনৰ প্ৰস্তুতি চলিছে৷ ইয়াৰ মাজতো অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ডেকা-গাভৰুৱে দিনে নিশাই বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here