হাড়ৰ যতন লওক

0
1467



হাড়ে আমাৰ শৰীৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেনে- ই আমাৰ শৰীৰটোক এটা গঠন দিয়ে, আমাৰ শৰীৰৰ ভিতৰৰ অংগ সমূহ সুন্দৰভাৱে আৱৰি ৰাখি বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে, মাংস পেশী বোৰৰ আশ্ৰয় হিচাপে কাম কৰে। তাৰোপৰি ই শৰীৰক শক্তি প্ৰদান কৰে। সেইবাবে শৈশৱ আৰু কৈশোৰ কালছোৱাত হাড়ৰ উপযুক্ত যতন লোৱা উচিত। তেতিয়াহে আগলৈ এজন মজবুত হাড়ৰ অধিকাৰী হোৱাৰ লগতে হাড় সম্বন্ধীয় নানা ৰোগৰ পৰা বাচি থাকিব পাৰি।

কিয় লব লাগে হাড়ৰ যতন?

জীৱনৰ আগ বয়সত পুৰণি অস্থিকোষসমূহ নষ্ট হৈ গ’লে তাৰ ঠাইত নতুন অস্থিকোষ সৃষ্টি হয়।এইটো এটা প্ৰাকৃতিক নিয়ম। এই প্ৰক্ৰিয়া মানুহৰ প্ৰায় ৩৫ বছৰমান বয়সলৈকে চলি থাকে। কিন্তু তাৰ পিছত লাহে লাহে যিটো হাৰত অস্থিকোষ ধ্বংস হয় সেই হিচাপে সিহঁতৰ পুনৰ নিৰ্মাণ নহয়। অৰ্থাৎ হাড়ৰ ঘনত্ব কমি গৈ থাকে। ইয়াৰ ফলতেই হাড় দুৰ্বল হয় আৰু হাড়ৰ ক্ষয় হবলৈ ধৰে। অষ্টিওপৰোচিচ ৰোগ(হাড়ৰ ক্ষয়জনিত ৰোগ) হোৱাৰ আশংকা থাকে। সাধাৰণতে পুৰুষতকৈ মহিলাসকলৰ বেছি সোনকালে হাড় ক্ষয় হোৱা দেখা যায়। সেইবাবে সঠিক সময়ত হাড়ৰ উপযুক্ত যতন লোৱা উচিত।

হাড় দুৰ্বল হোৱাৰ কেতবোৰ কাৰণ-

?৩৫ বছৰৰ পিছত সাধাৰণতে স্বাভাবিক ভাৱেই হাড় দুৰ্বল বা পাতল হবলৈ ধৰে। কিন্তু মহিলাৰ ক্ষেত্ৰত বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত হাড় ক্ষয় হোৱাৰ সম্ভাৱনা বেছি।

এষ্ট্ৰজেন নামৰ হৰমনে হাড়ৰ উৎপাদন কৰাত সহায় কৰে।বয়সৰ লগে লগে মহিলাৰ এষ্ট্ৰজেন নামৰ হৰমনবিধ কমি যায়। তেতিয়া হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

?বেছি ওখ পাখ মানুহৰ সোনকালে হাড় দুৰ্বল হয়।

?অতিপাত ধূম্ৰপান আৰু মদ্যপান কৰা সকলৰ হাড় ক্ষয় হোৱাৰ সম্ভাৱনা বেছি।

?খাদ্য তালিকাত যথেষ্ঠ পৰিমানে কেলচিয়াম, ভিটামিন D3, মেগনেচিয়াম আদি অন্তৰ্ভুক্ত নোহোৱাৰ ফলত হাড় দুৰ্বল হব পাৰে।

?কিছুমান ঔষধ যেনে গ্লুকোকৰটিকইড, থাইৰইদ হৰমন, বিভিন্ন ধৰণৰ গেষ্ট্ৰিকৰ ঔষধ, কেমথেৰাপি আদি ঔষধে হাড় দুৰ্বল হোৱাৰ সম্ভাৱনা বঢ়াই তোলে।

?আৰাম প্রিয়তা, আৰু শাৰিৰিক ব্যায়ামৰ অভাৱৰ ফলত হাড় মজবুত নহয়।

কেনেকৈ ল’ব হাড়ৰ যতন

??যথেষ্ঠ পৰিমানে কেলচিয়াম যুক্ত খাদ্য খাব লাগে। গাখীৰ, পনীৰ, দৈ, সেউজীয়া শাক পাচলি, মাছ আৰু মাছৰ কোমল কাঁইট আদিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়।

??ভিটামিন ডিয়ে হাড় মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই শৰীৰক কেলচিয়াম শোষণ কৰাত সহায় কৰে। সাগৰীয় মাছ, লিভাৰ আদিত ভিটামিন ডি পোৱা যায়। সূৰ্য্যৰ ৰশ্মি ভিটামিন ডিৰ এক প্ৰধান উৎস। খাদ্য বস্তুৰ পৰা ইমান ভিটামিন ডি পোৱা নাযায় যিমানখিনি সূৰ্য্যৰ ৰশ্মিৰ পৰা পোৱা যায়। সেইবাবে নিয়মীয়াকৈ ৰাতিপুৱাৰ ৰ’দ গাত লগাব পাৰিলে খুব ভাল।

??নিয়মিত শাৰীৰিক ব্যায়াম, যোগাসন আদি কৰিব লাগে।

??ধঁপাত খোৱা বা ধূম্ৰপান কৰাৰ পৰা বিৰত থাকিব লাগে।

??অত্যাধিক মাত্ৰাত মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে।

⬛ হাড় মজবুত কৰাৰ বাবে কেতবোৰ প্ৰাকৃতিক বিধান তলত উল্লেখ কৰা হল——

☘☘নিতৌ এমুঠি তিল খাওক। আপোনাৰ পছন্দ অনুসৰি ইয়াৰ চাটনি বা আঞ্জা বনাইও খাব পাৰে। তিলত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে।

☘☘দৈনিক ৪-৫ টা কাঠ বাদাম বা আলমণ্ড খাওক। ইয়াত প্ৰচুৰ কেলচিয়াম থাকে। আলমণ্ড পানীত তিয়াই লৈ কোমল হোৱাৰ পিছত খাব লাগে। গাখীৰৰ লগত খাব পাৰিলে বেছি ভাল ফল পোৱা যায়।

☘☘গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য যেনে পনীৰ, দৈ আদি খাওক।

☘☘ আনাৰস, পালেং শাক, ঘেহু, বিন আদিত যথেষ্ট পৰিমাণে মেংগানিজ থাকে। মেংগানিজ অষ্টিওপৰোচিছ ৰোধ কৰাৰ বাবে এক উত্তম খনিজ দ্ৰব্য।

চাওকচোন, হাড়ৰ যতন লোৱাটো আপুনি ভবাতকৈও বেছি সহজ নহয়নে? ওপৰত উল্লেখিত বিধি সমূহ আমি আটায়ে অতি সহজেই পালন আৰু অনুসৰণ কৰিব পাৰো। গতিকে নিজৰ হাড়ৰ যতন লওক আৰু হাড় সম্বন্ধীয় নানা ৰোগৰ পৰা মুক্ত হৈ থাকক।

ডাঃ বন্দনা শৰ্মা

LEAVE A REPLY

Please enter your comment!
Please enter your name here