হালধি-আজৱাইনৰ পানী আপুনি খায়নে?

0
2614

বেছিকৈ খাদ্য গ্ৰহণ বা অসময়ত খাদ্য খোৱাৰ পাছত পেটৰ সমস্যা হোৱাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে৷ ইয়াৰ ফলত বদহজম, গেছ, বুকু জ্বলা-পোৰা কৰা আদি সমস্যাই দেখা দিয়ে৷ প্ৰায়ে ইয়াক সাধাৰণ সমস্যা বুলি এৰি দিয়া দেখা যায়৷ কিন্তু আপুনি জানেনে– যদি ইয়াক সাধাৰণ সমস্যা বুলি এৰি দিয়া হয়, তেন্তে এটা সময়ত ই গুৰুতৰ সমস্যাত পৰিণত হ’ব পাৰে৷ এনেধৰণৰ পৰিস্থিতিৰ পৰা বাচি থাকিবলৈ স্বাস্থ্য বিশেষজ্ঞ আৰু নিউট্ৰিচনিষ্টসকলে স্বাস্থ্যসন্মত ডায়েট আৰু বেলেন্স লাইফষ্টাইলৰ জৰিয়তে এই বেমাৰৰ কলি গুৰিৰ পৰা উভালি পেলাবলৈ পৰামৰ্শ আগবঢ়াইছে৷ বিভিন্ন ধৰণৰ ঘৰুৱা পদ্ধতি অৱলম্বন কৰি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি৷ স্বাস্থ্য বিশেষজ্ঞসকলে দুটা ঘৰুৱা সামগ্ৰী– হালধি আৰু আজৱাইনক এই সমস্যাৰ ৰামবাণ ৰূপে স্বীকৃতি দিছে৷ বিশেষজ্ঞসকলৰ মতে এই দুয়োবিধ সামগ্ৰীয়ে বদহজম, গেছ, ব্লটিং আদি পেটৰ বিভিন্ন সমস্যা কম কৰাৰ লগতে দীৰ্ঘকালীন সময়লৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে৷


(১) হালধি-আজৱাইনৰ পানী দৈনিক ৰাতিপুৱা খোৱাৰ অভ্যাস কৰিলে পেটৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ আয়ুৰ্বেদ শাস্ত্ৰত বহু আগৰে পৰা হালধিক বিভিন্ন ৰোগত ব্যৱহাৰ কৰি অহা হৈছে৷
(২) বিভিন্ন চিকিৎসকৰ মতে দৈনিক হালধিৰ পানী সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মেটাবলিজমৰ পৰিমাণ নিয়ন্ত্ৰণ, শৰীৰৰ বৰ্জনীয় পদাৰ্থ টক্সিন নিষ্কাশনত সহায় কৰে৷
(৩) “ইণ্টাৰনেশ্যনেল জাৰ্নেল অব মলিকুলাৰ ছায়েন্সেজ” নামৰ আলোচনীত প্ৰকাশিত এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে হালধিত থকা কাৰ্কিউমিনে বদহজম, গেছ আৰু বহুতো সমস্যা নিৰ্মূল কৰিব পাৰে৷ লগতে আজৱাইনত থকা থাইমল উপাদানেও বদহজম নিৰ্মূল কৰাৰ অৰিহণা যোগায়৷ ইয়াৰ বাবে আজৱাইন গোটেই ৰাতি তিয়াই থৈ ৰাতিপুৱা কেঁচা হালধিৰ সৈতে উতলাই ভালকৈ চেকি খালী পেটত সেৱন কৰিব লাগে৷ কেঁচা হালধিৰ পৰিৱৰ্তে আপুনি আধা চামুচ হালধিৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে৷ মন ৰখা উচিত যে দৈনন্দিন জীৱনশৈলী পৰিৱৰ্তন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷
(৪) আজৱাইনত প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে লগতে ইয়াত কেলৰিৰ পৰিমাণো কম থাকে, যাৰ বাবে ইয়াত থকা প্ৰচুৰ পৰিমাণৰ মেটাবলিজমে কেলৰি নষ্ট কৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷
(৫) এজমা, ব্ৰেংকাইটিছ আদি ৰোগৰ পৰা এণ্টিইনফ্লেমেটৰি, এণ্টিফাংগেল, এণ্টিবেক্টিৰিয়েলযুক্ত আজৱাইনে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here