হাওঁফাওঁযুৰিক সুস্থ কৰি ৰখাৰ উপায়

0
2752

আমাৰ দেহৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ প্ৰধান অংগ হ’ল হাঁওফাঁও দুটা ৷ বুকুৰ ভিতৰৰ বক্ষগহ্বৰৰ সোঁ আৰু বাওঁফালে অৱস্থিত শংকু আকৃতিৰ হাওঁফাওঁ দুটাক ১২ যোৰ কামিহাড় আৰু বহুতো মাংশপেশীয়ে আৱৰি ৰাখে ৷ এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সোঁ হাওঁফাওঁটোৰ ওজন প্ৰায় ৬২৫ গ্ৰাম হয়। আনহাতে বাওঁ হাওঁফাওঁটোৰ ওজন সোঁ হাওঁফাওঁতকৈ ৫০ গ্ৰাম কম হয়। হাওঁফাওঁ দুটা প্ৰধানতঃ উশাহ নিশাহ প্ৰক্ৰিয়াৰ লগত জড়িত আৰু ই বহুতো সৰু সৰু বায়ু মোনাৰ দ্বাৰা সংগঠিত। বায়ুমোনা সমূহক ইংৰাজীত এলভিঅ’লী বুলি কোৱা হয় ৷ এই এলভিঅ’লী সমূহক ইলাষ্টিন আৰু কলাজেন নামৰ দুইধৰণৰ সংযোজক কলা বা তন্তুই সংযুক্ত কৰি হাঁওফাঁও দুটা গঠন কৰে। সেয়েহে ইয়াৰ গঠন বেলুনৰ দৰে স্থিতিস্থাপক ( elastic) গুণবিশিষ্ট হয় অৰ্থাৎ উশাহত ফুলি উঠে আৰু নিশাহত জাপ খাই যায়। উশাহ নিশাহৰ উপৰিও হাওঁফাওঁযুৰিয়ে আন বহুতো কাম সম্পন্ন কৰে। বিশেষকৈ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ আৰু ৰোগপ্ৰতিৰোধ ক্ষমতা ৰক্ষাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বয়সৰ লগে লগে বা অন্য বহুতো কাৰণৰ বাবে হাওঁফাওঁযুৰিৰ কাৰ্য্যক্ষমতা হ্ৰাস পাবলৈ আৰম্ভ কৰে। ফলত খুব সহজতে ইনফ্লুয়েন্জা, জক্ষ্মা, কভিড১৯ আদিৰ দৰে সংক্ৰামক ৰোগত আক্ৰান্ত হয়। সেয়েহে আমি হাওঁফাওঁ দুটাৰ সুস্থতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ, যাতে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো। তলত হাঁওফাওঁযুৰিক সুস্থ কৰি ৰাখিবলৈ কেইটামান উপায় দিয়া হ’লঃ

১) ধুমপান আৰু অন্য ধঁপাতজাতীয় সামগ্ৰী পৰিত্যাগ কৰা দৰকাৰ ৷

২)বায়ুমণ্ডলৰ পৰা উশাহৰ যোগেদি হাওঁফাওঁত প্ৰৱেশ কৰিব পৰা ৰোগসৃষ্টিকাৰী কাৰক সমূহ যেনে ধূলি-বালি , কল কাৰখানা, যান বাহনৰ ধোঁৱা আৰু অন্য ধোৱাঁজাতীয় সামগ্ৰী, ফুলৰ ৰেণু, পাৰফিউম, পোহনীয়া জীৱ জন্তুৰ নোম আদিৰ পৰা পৰাপক্ষত আঁতৰত থকা দৰকাৰ। আনহাতে হাওঁফাওঁযুৰিত এলাৰ্জী প্ৰতিক্ৰিয়া কৰিব পৰা কিছুমান খোৱাবস্তু ত্যাগ কৰা উচিত।( খোৱাবস্তু ব্যক্তিবিশেষে ভিন ভিন হব পাৰে। )

৩) ঘৰৰ ভিতৰৰ বা চৌপাশৰ পৰিৱেশৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ। বিশেষকৈ ঘৰৰ ভিতৰৰ বেৰৰ এলান্ধু , ব্যৱহৃত কাপোৰ কানি ,কাৰ্পেট আদি নিয়মিত চাফ কৰা প্ৰয়োজন। এইবোৰ চাফ কৰোতে মাস্ক পিন্ধাটো আৱশ্যকীয়।

৪) কাঁহ ,হাঁচি ,শ্বাস প্ৰশ্বাসৰ দ্বাৰা ইজনৰ পৰা সিজন ব্যক্তিলৈ হাওঁফাওঁত সংক্ৰমণ হ’ব পৰা বিভিন্ন ৰোগ যেনে ইনফ্লুয়েন্জা , জক্ষ্মা, বাৰ্ড ফ্লু ,চোৱান ফ্লু ,কভিড ১৯ আদিৰ বাবে বিশেষ ব্যৱস্থা লোৱা দৰকাৰ ৷ যেনে মাস্ক পৰিধান কৰা , সঘনাই হাত ধোৱা , সামাজিক দুৰত্ব বজাই ৰখা , জনসমাগম পৰিহাৰ কৰা ইত্যাদি ৷

৫) দৈনিক যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱাপানী গ্ৰহণ কৰা দৰকাৰ যাতে দেহৰ লগতে শ্বাসতন্ত্ৰৰ আৰ্দ্ৰতা অটুট থাকে। পৰাপক্ষত আইচক্ৰীম বা ফ্ৰিজৰ বস্তু কমকৈ খোৱা উচিত বা এৰাই চলিব ৷

৬) নিয়মিত শাৰীৰিক ব্যয়াম কৰা উচিত। এৰ’বিক বা কাৰ্ডিঅ’ এক্সাৰচাইজে ( যিয়ে হৃদস্পন্দন বৃদ্ধি কৰে যেনে বেগাই খোজ কঢ়া ,দৌৰা , সাঁতোৰা , চাইক্লিং আদি ) শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত সহায় কৰা মাংশপেশীসমূহ সবল কৰে আৰু হাওঁফাওঁৰ কাৰ্য্যক্ষমতাও বৃদ্ধি কৰে ৷ যোগাভ্যাস বিশেষকৈ প্ৰাণায়াম ,অনুলোম -বিলোম আদিও ফলপ্ৰসূ।

৭) হাঁওফাওঁ বা দেহৰ অন্য অংগ প্ৰত্যংগ সমূহৰ কাৰ্য্য নিয়মিত কৰি ৰাখিবলৈ পৰ্য্যাপ্ত জিৰণিৰ আৱশ্যক ৷ দৈনিক ৭ ৰ পৰা ৮ ঘণ্টা ভাল টোপনি হ’ব লাগে।

৮) কিছুমান উদ্ভিদে পৰিৱেশৰ বায়ু বিশুদ্ধ কৰি ৰাখে ৷ সেয়েহে এইবোৰ ঘৰৰ চৌহদত লগাব পাৰে ৷যেনে নিম, এলোভেৰা , তুলসী , ক্ৰিচেনথিয়াম , স্নেকপ্লেন্ট, স্পাইদাৰ প্লেন্ট,বেম্ব’প্লেন্ট আদি ।

৯) বহুদিন ধৰি চলি থকা কাঁহ , কাঁহৰ লগত তেজ যোৱা , হাচি ,চৰ্দি ,উশাহ নিশাহত কষ্ট পোৱা, বুকুৰ বিষ আদিয়ে হাওঁফাওঁ বা শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগৰ লক্ষণ বহন কৰে। সেয়েহে এনে লক্ষণ দেখা পালে সোনকালে চিকিৎসা কৰা দৰকাৰ।

১০) হাওঁফাওঁৰ কাৰ্য্যক্ষমতা বহুপৰিমাণে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধক্ষমতাৰ লগত জড়িত ৷ সেয়েহে দেহৰ ইমিউনিটী ৰক্ষাত গুৰুত্ব দিব লাগে । বিশেষকৈ দৈনিক সুষম আহাৰ গ্ৰহণ কৰা , খাদ্যভ্যাসত শাকপাচলি-ফলমূল সন্নিবিষ্ট কৰা ,ৰন্ধন প্ৰকৰণ প্ৰস্তুত কৰোতে পাকঘৰৰ মছলা যেনে হালধি,আদা,নহৰু,জিৰা ,জালুক,ধনীয়া , লং ,ডালচিনী আদি অন্তৰ্ভুক্ত কৰা ; চেনী, নিমখ ,সংপৃক্ত চৰ্বি ( তেল ,ঘী ,ৰেদমিট বাটাৰ ,ক্ৰীম আদি) ৰ পৰিমাণ হ্ৰাস কৰা ইত্যাদি। ভিটামিন A,B,C ,D ,E ,জিংক ,কেলচিয়াম, মেগনেছিয়াম আদি ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় পোষকতত্ব ৷ ভিটামিন A,C,E,লাইক’পিন ,লিউটিন ,চেলেনিয়াম আদিয়ে ভাল এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু ই অপকাৰী ফ্ৰী ৰেডিকেলসমূহ প্ৰতিহত কৰি দেহৰ
অংগ প্ৰত্যংগ বোৰত বয়সৰ চাপ পৰা প্ৰক্ৰিয়া লেহেমীয়া কৰে। হাওঁফাওঁৰ সুস্থতাৰ বাবে এনেবোৰ পোষকতত্ব সন্নিবিষ্ট কিছুমান খাদ্যবস্তু তলত উল্লেখ কৰা হ’লঃ বন্ধাকবি ,ফুলকবি ,ব্ৰকলি ,পালেং ,মিঠাআলু ,গাজৰ , বিলাহী, বীট,কেপচিকাম ,ডালিম ,তৰমুজ,কমলা, আঙুৰ ,নেমু ,মৌচম্বী ,আম ,আমলখি ,তুলসী ,গুৰুছী ,কিচমিচ,খেজুৰ ,কাজু ,আলমণ্ড ,ৱালনাট আদি ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here