হাই কলেষ্টৰেল কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

0
1537

কলেষ্টৰেল হৈছে লিভাৰৰ দ্বাৰা উৎপাদিত এক তত্ত্ব৷ ই প্ৰ’টিনৰ লগত লগ লাগি লিপ’প্ৰ’টিন তৈয়াৰ কৰে৷ যিয়ে চৰ্বিক তেজৰ লগত সংমিশ্ৰণ হোৱাত বাধা প্ৰদান কৰে৷ কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হ’লে হাৰ্ট এটেক, কিডনী বিকল হোৱা, কিডনীৰ পাথৰ, উচ্ছ ৰক্তচাপৰ দৰে ৰোগে দেখা দিব পাৰে৷ গতিকে কিছুমান ঘৰুৱা বিধান পালন কৰি হাই কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

(১) বাদাম, অখৰুট, পিষ্টাত থকা ফাইবাৰ, অমেগা৩ ফেটি এচিড আৰু ভিটামিনে কলেষ্টৰেলৰ পৰিমাণ কমাই ভাল কলেষ্টৰেল বৃদ্ধি কৰাত সহায়ক হয়৷ ইয়াৰ বাবে বাদাম ৰাতি পানীত ভিজাই থৈ খাব লাগে৷
(২) ৰাতিপুৱা খালী পেটত নহৰু খাব লাগে৷ ইয়াত থকা এলিচিন নামৰ তত্ত্বই হৃদপিণ্ডৰ আৰ্টিজম চাফা কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ ইয়াত থকা বিভিন্ন এনজাইমে এলডিএল কলেষ্টৰেল কম কৰাত সহায় কৰে৷
(৩) ওটছত থকা গ্লুকন নামৰ তত্ত্বই কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে৷
(৪) ৰঙা পিঁয়াজৰ ৰসৰ লগত মৌ মিহলাই সেৱন কৰিলেও কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷
(৫) ছয়াবিন, গজালি ওলোৱা বুটমাহৰ সেৱনে তেজত থকা এলডিএল কলেষ্টৰেলক বাহিৰ কৰাত লিভাৰক লহায় কৰে৷ ই ভাল কলেষ্টৰেল বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here