হঠাৎ মৌমাখিয়ে কামুৰিলে কি কৰিব?

0
1810
মৌমাখি বা বৰল দেখিলেই আমি সকলোৱে সচকিত হৈ উঠো৷ লগে লগে আমি সকলোৱে সতৰ্ক হওঁ৷ ইয়াৰ কাৰণ এটাই যে মৌমাখি কামুৰিলে অসহ্য বিষ হোৱাৰ লগতে কামোৰাৰ ফলত কেতিয়াবা হাস্পতাললৈও নিব লগা অৱস্থা হয়হি৷ মৌমাখিয়ে কামুৰিলে ইয়াৰ শুংডাল আমাৰ দেহত লাগি ধৰে আৰু লগে লগে শুংডাল উলিয়াই নিদিয়ে পাছলৈ অধিক সমস্যাই দেখা দিব পাৰে৷ কেতিয়াবা আকৌ মৌমাখিয়ে কামুৰিলে কামোৰা অংশ ৰঙা পৰি ফুলি উঠে, অসহ্য বিষ অনুভৱ হয়, ক্ষত স্থানডোখৰত ঘা লাগিব পাৰে, আনকি বহুতৰে জ্বৰপৰ্যন্ত উঠে৷ মৌমাখিয়ে কামুৰিলে ইয়াৰ শুংডাল লাগি ধৰি ঠাইডোখৰত ইনফেক্‌শ্যন হ’ব পাৰে৷ ডাঙৰতকৈ শিশুক কামুৰিলে প্ৰতিক্ৰিয়া অধিক হয়৷ সেয়েহে মৌমাখিয়ে কামুৰিলে তৎক্ষণাৎ কি কৰিব লাগে জানো আহক৷

[১] মৌমাখিয়ে কামুৰিলে লেভেণ্ডাৰ অইল লগালে সকাহ পোৱা যায়৷ তুলসীৰ পাতৰ ৰস, ইউকেলিপটাছ তেল লগালেও আৰাম পোৱা যায়৷


[২] মৌমাখিয়ে কামুৰিলে এলোভেৰা জেল ক্ষতস্থানত লগাব লাগে৷ ইয়াত থকা এণ্টিইনফ্লেমেটৰী উপাদানে ফুলা, পোৰণি আদি নাইকিয়া কৰে৷ ইয়ে শীতলতা প্ৰদান কৰে৷


[৩] বেকিং ছ’ডা আৰু আপেল ছিডাৰ ভিনেগাৰৰ এটা মিশ্ৰণ তৈয়াৰ কৰি মৌমাখিয়ে কামোৰা অংশত লগালে বিষ উপশম হয়৷

Remedies for bee stings or bite


[8] মৌমাখি কামুৰিলে মৌ লগাওক৷ ইয়াত থকা এণ্টিবেক্টেৰিয়েল উপাদানে সংক্ৰমণ কম কৰিব লগতে ঠাইডোখৰ শুকুৱাত সহায় কৰে৷


[৫] চন্দন আৰু হালধিৰ গুড়ি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ মৌমাখিয়ে কামোৰা অংশত এই মিশ্ৰণটো লগাওক৷ ক্ষতস্থানত হোৱা জ্বলন-পোৰণ শান্ত কৰিব৷ ফুলা নাইকিয়া হ’ব৷ বিষ নিৰাময়ৰ বাবে হালধি কাৰ্যকৰী৷ ইয়াৰ লগতে ঘা শুকুওৱাত হালধিয়ে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here