হঠাতে বেছিনৰ পাইপ বন্ধ হ’লে কি কৰিব ?

0
1094
আমাৰ সকলোৰে কাৰণে পাকঘৰৰ ৰন্ধা-বঢ়া কৰাৰ পাছত বেছিন পৰিষ্কাৰ কৰাটো এটা নিয়মৰ লেখীয়া৷ পাকঘৰ চাফ-চিকুণ কৰিহে ৰান্ধনীয়ে বেলেগ কামত ধৰেহি৷ কিন্তু বেছিন চাফা কৰিলেও বেছিনৰ পাইপ নিয়মিত পৰিষ্কাৰ কৰাৰ কথা কোনেও নাভাবে৷ ইয়াৰ ফলত নিয়মিতভাৱে অলপ অলপকৈ আৱৰ্জনা বা মলি জমা হৈ পাইপ বন্ধ হ’ব পাৰে৷ অথবা পাইপৰ ফুটা সৰু হৈ যায়৷ ফলস্বৰূপে বেছিনৰ পাইপ সম্পূৰ্ণৰূপে বন্ধ হৈ অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে মাজে-মধ্যে বেছিনৰ পাইপ পৰিষ্কাৰ কৰাটো খুবেই প্ৰয়োজন৷ ঘৰুৱা উপায়েৰে কিদৰে বেছিনৰ পাইপ পৰিষ্কাৰ কৰিব, জানো আহক৷
How to Clean a Clogged Drain With Baking Soda

ঘৰুৱাভাৱে বেছিনৰ পাইপ পৰিষ্কাৰ কৰাৰ এটা সহজ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ৷ ইয়াৰ বাবে আপোনাক লাগিব– নিমখ, ভিনেগাৰ, বেকিং ছ’ডা আৰু গৰম পানী৷ প্ৰথমে আধা কাপমান নিমখ বন্ধ হৈ থকা বেছিনৰ পাইপেৰে ভৰাই দিয়ক৷ তাৰ পাছত দুই লিটাৰমান পানী ফুটাৰে সোমাই দিব৷ অলপ সময়ৰ পাছতে কাপেৰে ডিটাৰজেণ্টৰ গুৰি পাইপত ভৰাই দিব৷ এই গোটেইখিনি মিশ্ৰণ নিমখৰ সৈতে লাহে লাহে পাইপেৰে সোমাই যাবলৈ দিয়ক৷ ইয়াৰ পাছত পাইপৰ মুখত আধা কাপ বেকিং ছ’ডা ঢালি দিয়ক৷ ১৫ মিনিটমান সময় ৰখাৰ পাছত তাৰ ওপৰত ভিনেগাৰ একাপ বেছিনত ছটিয়াই দিয়ক৷ তাৰ পাছত গৰম পানী ভালদৰে বেছিনত ঢালি দি পৰিষ্কাৰ কৰিব৷ অলপ সময়ৰ পাছত লক্ষ্য কৰিব যে লাহে লাহে বেছিনৰ ফুটাবোৰ মুকলি হৈ গৈছে৷ এইদৰে অতি সহজে ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি বেছিনৰ পাইপৰ বন্ধ হোৱা ফুটা পৰিষ্কাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here