হঠাতে ডায়েৰিয়া হ’লে কি কৰিব?

0
2387


ডায়েৰিয়া হ’লে পাতল শৌচ বেছিকৈ হয়, ঘনাই ঘনাই পাতল শৌচ হয় আৰু পনীয়া হয়৷ ডায়েৰিয়া হ’লে পেটত নাড়ী-ভুৰৰ লৰচৰ বাঢ়ি যায়৷ অপৰিমিত আহাৰ, ভালকৈ নোচোবোৱাকৈ খাদ্য খোৱাৰ ফলত, মাছ-মাংসৰ সৈতে গাখীৰ খালে, আগৰ আহাৰ হজম নহওঁতেই পুনৰায় খোৱা, অসময়ত অত্যধিক পৰিমাণে খোৱা আদি বিভিন্ন কাৰণত ডায়েৰিয়া হ’ব পাৰে৷ সাধাৰণতে ডায়েৰিয়া হ’লে তলপেটৰ অসহ্য বিষ হয়, ঘনে ঘনে পাতল শৌচ হয়৷ কোষ্ঠকাঠিন্যৰ কাৰণে বৃহদন্ত্ৰত বহুদিন ধৰি মল জমা হোৱাৰ ফলত দেহ-প্ৰকৃতি অতিৰিক্ত তলৰ পায়খানাৰ জৰিয়তে এনে অপ্ৰয়োজনীয় পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে৷ এনেদৰে ডায়েৰিয়াৰ সৃষ্টি হ’ব পাৰে৷ যদি পাঁচবাৰতকৈ বেছি পায়খানা হয়, তেন্তে ইয়াক এবচলিউট ডায়েৰিয়া বোলা হয়, আনহাতে সাধাৰণতকৈ বেছি পাতল পাইখানা হ’লে ইয়াক ৰিলেটিভ ডায়েৰিয়া বোলে৷ ডায়েৰিয়া ক্ষণস্থায়ী বা দীৰ্ঘকালীন হ’ব পাৰে৷ ডায়েৰিয়াৰ ফলত শৰীৰৰ জটিল অৱস্থাৰ সৃষ্টি হ’ব পাৰে৷ শৰীৰত পানীৰ পৰিমাণ কৰি যায়৷ খনিজৰ সমতা নষ্ট হোৱা বা মলদ্বাৰৰ বিষ, খজুৱতি আদি হৈ জটিল ৰূপ লোৱা দেখা যায়৷ ঘৰতে তৈয়াৰী প্ৰণালীৰ দ্বাৰা আমি ডায়েৰিয়া নিৰ্মুল কৰিব পাৰোঁ৷ এচামুচ নিমখ, আঠ চামুচ চেনি এক লিটাৰ বিশুদ্ধ পানীত উতলাই ঠাণ্ডা কৰি ডায়েৰিয়া হ’লে খাব লাগে৷ ডায়েৰিয়া হোৱা লোকক একাপ চাউলৰ গুৰি, দুকাপ পানী, আধা চামুচ নিমখ মিহলাই খাব দিব লাগে৷ দেহৰ পৰা ওলাই যোৱা পানীৰ পৰিপূৰক হিচাপে এই দ্ৰব্যই কাম কৰে আৰু শৰীৰৰ শক্তি অটুট ৰাখে৷ মনত ৰাখিব লাগে নিমখৰ পৰিমাণ যাতে বেছি নহয়৷ বেছি পৰিমাণৰ নিমখ খালে কেতিয়াবা হাত-ভৰিৰ কঁপনিৰ সৃষ্টি কৰিব পাৰে৷ ডিহাইড্ৰেশ্যন ৰোধ কৰাত কম সফল হোৱা দেখা যায়৷ প্ৰাপ্তবয়স্ক আৰু শিশুৰ ক্ষেত্ৰত বেলেগ বেলেগ পৰিমাণৰ মিশ্ৰণ খাব লাগে৷ ইয়াৰ উপৰি ভাতৰ মণ্ড, গাজৰৰ ৰস, পাতল ৰঙা চাহ, লগে লগে প্ৰস্তুত কৰা ফলৰ ৰস আদিয়েও ডায়েৰিয়া নিৰ্মূলত সহায় কৰে৷ ডায়েৰিয়া ৰোগীৰ বাবে ডাব-নাৰিকলৰ পানী খুবেই জৰুৰী৷ আনহাতে শিশুটিয়ে যদি বমি কৰে, তেন্তে ১০ মিনিটমান সময় এই মিশ্ৰণ বন্ধ কৰি পুনৰায় খুৱাব লাগে৷ নহ’লে দেহত পানীৰ পৰিমাণ কমি যাব পাৰে৷ কেঁচুৱাৰ ক্ষেত্ৰত মাকৰ গাখীৰ নিতান্তই প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here